உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পিছতে সুখবৰ, আজি ইমান কমিল পেট্ৰ’ল, ডিজেলৰ মূল্য

    খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পিছতে সুখবৰ, আজি ইমান কমিল পেট্ৰ’ল, ডিজেলৰ মূল্য

    বজাৰত আজি পেট্ৰ’ল আৰু ডিজেলৰ দাম যথেষ্ট হ্ৰাস পাইছে। 

    বজাৰত আজি পেট্ৰ’ল আৰু ডিজেলৰ দাম যথেষ্ট হ্ৰাস পাইছে। 

    বজাৰত আজি পেট্ৰ’ল আৰু ডিজেলৰ দাম যথেষ্ট হ্ৰাস পাইছে। 

    • Share this:
    আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছত ভাৰতীয়ৰ কাৰণেও সকাহৰ খবৰ। আজি দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। বুধবাৰে পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২টকা ৬৯পইচা হ্ৰাস পাইছে, আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২.৩৩টকা হ্ৰাস পাইছে। ৰাজধানী দিল্লীত আজি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৭০.২০টকালৈ হ্ৰাস পাইছে। আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে ৬৩.০১টকা।



    গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭২.৫২টকা। আনহাতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৫.৯৯টকা।





    উল্লেখযোগ্য যে, চৌদি আৰৱ আৰপ ৰাছিয়াৰ মাজত অইল প্ৰাইচ ৱাৰৰ কাৰণে সোমবাৰে খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩১শতাংশলৈ হ্ৰাস পাইছিল। ইয়াৰ জৰিয়তে ভাৰতৰ আৰ্থিক লাভ হ’ব পাৰে কাৰণ পেট্ৰ’লিয়াম ইন্ধনৰ কাৰণে আমাৰ দেশ যথেষ্ট আমদানিৰ ওপৰত নিৰ্ভৰশীল।



    ভাৰতে নিজৰ প্ৰয়োজনৰ ৮৪শতাংশৰো অধিক তেল আমদানি কৰে। খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য হ্ৰাস পোৱাৰ ফলত দেশৰ আমদানি খৰছো কমিব আৰু খুচুৰা মূল্যও হ্ৰাস পাব। অৱশ্যে ইয়াৰ দ্বাৰা ইতিমধ্যে চাপত থকা অ’এনজিচিৰ দৰে কোম্পানীৰ অৱস্থা আৰু বেয়া হৈ পৰিব।

    আমদানি খৰছত ২,৭২৯ কোটি টকাৰ পাৰ্থক্য

    বিভিন্ন ক্ষেত্ৰৰ ব্যয় কম হোৱাৰ কাৰণে দেশৰ অৰ্থব্যৱস্থা অলপ সুস্থিৰ হোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত খাৰুৱা তেলৰ প্ৰয়োজন কম হ’ব। বুধবাৰে ৰাজহুৱা ক্ষেত্ৰতৰ কোম্পানীয়ে জাৰি কৰা মূল্যৰ অধিসূচনা অনুসৰি দিল্লীত পেট্ৰ’লৰ মূল্য সোমবাৰে প্ৰতি লিটাৰত ৭০.২০টকা হৈছে।

    উল্লেখযোগ্য যে, খাৰুৱা তেলৰ মূল্য এক ডলাৰ হ্ৰাস পালেও ভাৰতৰ আমদানি বিল ২,৯৩৬কোটি টকা হ্ৰাস পায়। সেইদৰে প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য এটকাৰো পৰিৱৰ্তন হ’লে আমদানি বিলৰ ক্ষেত্ৰত ২,৭২৯টকাৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়।
    Published by:Tulika Devi
    First published: