• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Price Today: আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল–ডিজেলৰ দাম, কিমান বাঢ়িল গুৱাহাটীত?

Petrol Price Today: আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল–ডিজেলৰ দাম, কিমান বাঢ়িল গুৱাহাটীত?

বৰ্তমান দেশৰ ২৬খন ৰাজ্যত পেট্ৰ’লৰ দামে ১০০ টকা অতিক্ৰম কৰিছে।

বৰ্তমান দেশৰ ২৬খন ৰাজ্যত পেট্ৰ’লৰ দামে ১০০ টকা অতিক্ৰম কৰিছে।

বৰ্তমান দেশৰ ২৬খন ৰাজ্যত পেট্ৰ’লৰ দামে ১০০ টকা অতিক্ৰম কৰিছে।

  • Share this:


মঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল–ডিজেলৰ দাম। ধাৰাবাহিকভাৱে পঞ্চম দিনৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিলে তেল কোম্পানীসমূহে। মঙলবাৰে পেট্ৰ’লৰ দাম দিল্লীত ২৫ পইচা প্ৰতি লিটাৰত বৃদ্ধি কৰা হৈছে। ডিজেলৰ দাম প্ৰতি লিটাৰত ৩০ পইচা বৃদ্ধি হৈছে। ইয়াৰ ফলত দিল্লীত ১ লিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ১০২.৬৪ টকা। ডিজেলৰ দাম বৃদ্ধি হৈ হৈছে ৯১.০৭ টকা।

বৰ্তমান দেশৰ ২৬খন ৰাজ্যত পেট্ৰ’লৰ দামে ১০০ টকা অতিক্ৰম কৰিছে। মধ্য প্ৰদেশ, ছত্তীশগড়, দিল্লী, জম্মু–কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মণিপুৰ, নাগালেণ্ড, পুডুচেৰী, তেলেংগানা, পঞ্জাব, ছিকিম, ওড়িশা, কেৰালা, তামিলনাডু, পশ্চিম বংগ, ত্ৰিপুৰা আৰু ৰাজস্থানৰ সকলো জিলাত পেট্ৰ’লৰ দাম ১০০ টকা পাৰ হৈছে।

আজি কোন মহানগৰীত কিমান দাম পেট্ৰ’ল–ডিজেলৰ

দিল্লী – পেট্ৰ’ল ১০২.৬৪ টকা, ডিজেল ৯১.০৭ টকা

মুম্বাই – পেট্ৰ’ল ১০৮.৬৭ টকা, ডিজেল ৯৮.৮০ টকা

চেন্নাই – পেট্ৰ’ল ১০০.২৩ টকা, ডিজেল ৯৫.৫৯ টকা

কলকাতা – পেট্ৰ’ল ১০৩.৩৬ টকা, ডিজেল ৯৪.১৭ টকা

গুৱাহাটী – পেট্ৰ’ল ৯৮.৫৮ টকা (০.০৬ টকা বৃদ্ধি), ডিজেল ৯০.৬১ (০.১৫ টকা বৃদ্ধি)।

Published by:Sanjay Kumar Das
First published: