உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Petrol Price Today : চেঞ্চুৰী মাৰি অভিলেখ স্তৰত উঠিল পেট্ৰ'লৰ মূল্য! জানক আজিৰ দিনটোত আপোনাৰ চহৰৰ পেট্ৰ'ল-ডিজেলৰ দাম

    Petrol Price Today : চেঞ্চুৰী মাৰি অভিলেখ স্তৰত উঠিল পেট্ৰ'লৰ মূল্য! জানক আজিৰ দিনটোত আপোনাৰ চহৰৰ পেট্ৰ'ল-ডিজেলৰ দাম

    পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ । এতিয়ালৈকে ২৫ দিনত হোৱা বৃদ্ধিত ফলত পেট্ৰ'ল প্ৰতি লিটাৰত ৬.০৯ টকা ব্যয়বহুল হৈ পৰিছে ।

    পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ । এতিয়ালৈকে ২৫ দিনত হোৱা বৃদ্ধিত ফলত পেট্ৰ'ল প্ৰতি লিটাৰত ৬.০৯ টকা ব্যয়বহুল হৈ পৰিছে ।

    পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ । এতিয়ালৈকে ২৫ দিনত হোৱা বৃদ্ধিত ফলত পেট্ৰ'ল প্ৰতি লিটাৰত ৬.০৯ টকা ব্যয়বহুল হৈ পৰিছে ।

    • Share this:
    এদিনৰ সকাহৰ পিছতে তেল কোম্পানীবোৰে আজি পুনৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। সোমবাৰে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ২৯ পইচা বৃদ্ধি হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৩০ পইচাকৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি খাৰুৱা তেলৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে আন্তৰ্জাতিক বজাৰত ইয়াৰ হাৰ বৃদ্ধি পাইছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ পিছত আজি ৰাজধানীত পেট্ৰ'লে প্ৰতি লিটাৰত ৯৬.৪১ টকাৰ ঘৰ স্পৰ্শ কৰিছে আনহাতে ডিজেলে প্ৰতি লিটাৰত ৮৭.২৮ টকাৰ ঘৰ স্পৰ্শ কৰিছে।

    ৪ মে'ৰ পৰা ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ পিছতে ইয়াৰ মূল্য অভিলেখ স্তৰত উপনীত হৈছে। এতিয়ালৈকে ২৫ দিনত হোৱা বৃদ্ধিত ফলত পেট্ৰ'ল প্ৰতি লিটাৰত ৬.০৯ টকা ব্যয়বহুল হৈ পৰিছে। আনহাতে ২৫ দিনত ডিজেল প্ৰতি লিটাৰত ৬.৩০ টকাকৈ ব্যয়বহুল হৈ পৰিছে।

    মহানগৰসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য -

    ইণ্ডিয়ান অইল ৱেবছাইট অনুসৰি, আজি ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৬.৪১ টকা আৰু ডিজেলৰ মূল্য ৮৭.২৮ টকা। একেদৰে মুম্বাইত পেট্ৰ'ল ১০২.৫৮ টকা আৰু ডিজেলৰ ৯৪.৭০ টকা, কলকাতাত পেট্ৰ'ল ৯৬.৩৪ টকা আৰু ডিজেলৰ মূল্য ৯০.১২ টকা।

    একাংশ চহৰত পেট্ৰ’লৰ মূল্যই অতিক্ৰম কৰিছে ১০০ৰ ঘৰ। হায়দৰাবাদ, মুম্বাই, জয়পুৰ, ভূপাল, শ্ৰীগংগা নগৰ আৰু ৰেৱাৰ দৰে বহুতো চহৰত পেট্ৰ'লৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিছে।

    ১৪ জুনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য এনেধৰণৰ -

    >> পাটনাত প্ৰতি লিটাৰ পেট্ৰ'লত ৯৮.৪৯ টকা আৰু ডিজেল ৯২.৫৯ টকা।

    >> বাংগালুৰুত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৯.৬৩ টকা আৰু ডিজেল ৯২.৫২ টকাত ডিজেল।

    >> জয়পুৰত পেট্ৰ'ল প্ৰতি লিটাৰত ১০৩.০৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৬.২৪ টকা।

    >> গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লত ৯২.১২ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১.৯২ টকা ৮৬.৮৫।

    >> চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ'ল ৯৭.৬৯ টকা আৰু ডিজেলৰ মূল্য ৯১.৯২ টকা।

    >> মধ্য প্ৰদেশৰ অনুপনগৰত পেট্ৰ'ল ১০৭.১৭ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৮.২৯ টকা।

    >> ৰেৱাত পেট্ৰ'ল ১০৬.৮১ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৭.৯৬ টকা।

    >> ভূপালত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৪.৫৯ টকা আৰু ডিজেল ৯৫.৯১ টকা।

    >> পাৰভানীত পেট্ৰ'ল ১০৪.৯২ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৫.৫০ টকা।

    প্ৰতিদিনে পুৱা ৬ বজাাত সলনি হয় মূল্য -

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে। বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।

    এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য -

    আপুনি SMSৰ জৰিয়তে পেট্ৰ'ল-ডিজেল মূল্য জানিব পাৰে। প্ৰতিদিনে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰি কৰা হয়। ইণ্ডিয়ান অইল বেৱছাইটৰ মতে, আপুনি RSPৰ সৈতে আপোনাৰ চহৰৰ কোড লিখি 92249 92249 লৈ SMS প্ৰেৰণ কৰিব লাগিব। প্ৰতিখন চহৰৰ ভিন্ন কোড থাকে। সেয়া আপুনি IOCLৰ ৱেবছাইটত চাব পাৰিব। আনফালে BPCLৰ গ্ৰাহকে RSP লিখি 9223112222 নম্বৰত আৰু HPCLৰ গ্ৰাহকে HPPrice লিখি 9222201122 নম্বৰত মেছেজ প্ৰেৰণ আপোনাৰ চহৰৰ পেট্ৰ'ল-ডিজেলৰ মূল্য জানিব পাৰিব।
    Published by:Sanjay Kumar Das
    First published: