• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • জীয়াই থাকিবলৈ মানুহে ভক্ষণ কৰিব মানুহৰ মাংস! কিয় ক'লে বৈজ্ঞানিকে?

জীয়াই থাকিবলৈ মানুহে ভক্ষণ কৰিব মানুহৰ মাংস! কিয় ক'লে বৈজ্ঞানিকে?

মঙল গ্ৰহত মানুহ হৈ পৰিব পাৰে নৰখাদক।

মঙল গ্ৰহত মানুহ হৈ পৰিব পাৰে নৰখাদক।

মঙল গ্ৰহত মানুহ হৈ পৰিব পাৰে নৰখাদক।

  • Share this:
মানুহে পৃথিৱীৰ বাহিৰে আন কোনো গ্ৰহত বাস কৰিব পাৰিবনে? সকলোৰে বাবে এতিয়াও ই এটা প্ৰশ্ন হৈয়ে আছে। অৱশ্যে, সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে ইয়াৰ ওপৰত নিৰন্তৰ ভাৱে গৱেষণা কৰি আছে আৰু মহাকাশত এনে এটা গ্ৰহ অন্বেষণ কৰি আছে য'ত মানুহৰ বসতি স্থাপন কৰিব পাৰি। বিজ্ঞানীসকলে বিশ্বাস কৰে যে, মানুহে অদূৰ ভৱিষ্যতে মঙ্গল গ্ৰহত বসতি স্থাপন কৰিব পাৰিব। কিন্তু ইয়াৰ মাজতে কিছুমান বিজ্ঞানীয়ে এই বিষয়ে এনে এক আচৰিত দাবী কৰিছে যে, যাৰ ফলত আপোনাৰ অন্তৰ-আত্মা কঁপি উঠিব।

বিজ্ঞানীসকলৰ দাবী মঙ্গল গ্ৰহত মানুহ দ্ৰুতগতিত ডাঙৰ হ'ব আৰু আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে, গ্ৰহটোত বসতি স্থাপন কৰাৰ পিছত, মানুহো নৰখাদক হৈ পৰিব। তেওঁলোকে ইয়াৰ আঁৰত এটা অতি আচৰিত কাৰণ বৰ্ণনা কৰিছে।

বিজ্ঞানীসকলৰ আশংকা অনুসৰি যদি মঙ্গল গ্ৰহলৈ যোৱা মানুহে কৃষি প্ৰণালী কৰাত বিফল হয়, অৰ্থাৎ মানুহে পাচলি খেতি কৰাত বিফল হয়, তেনেহ'লে তেওঁলোকে ইজনে সিজনক খাদ্যৰ বাবে হত্যা কৰিব পাৰে আৰু জীয়াই থাকিবলৈ তেওঁলোকৰ মাংস খাব পাৰে।

অৱশ্যে এতিয়াও মানুহে মঙ্গল গ্ৰহত কেতিয়া বসতি আৰম্ভ কৰিব পাৰিব তাৰ বিষয়ে কোনো সঠিক সিদ্ধান্তত বৈজ্ঞানিক সকল উপনীত হ'ব পৰা নাই। তথাপিও বিজ্ঞানী সকলৰ বিশ্বাস অহা ৩০ৰ পৰা ৪০ বছৰৰ ভিতৰত মানুহে গ্ৰহটোত বসতি আৰম্ভ কৰিব আৰু সেই বিষয়ে পৰিকল্পনা চলি আছে।

মংগল গ্ৰহৰ উপৰিও বিশ্ব-ব্ৰহ্মান্দৰ আন বহু গ্ৰহত মানুহৰ বসতি স্থাপনৰ বাবে বৈজ্ঞানিক সকলে গৱেষণা চলায় আছে। চন্দ্ৰটো মানুহৰ বসতিও সম্ভাৱনা সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে বৈজ্ঞানিক সকলে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: