உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • LPG Price : বাম্পাৰ অফাৰৰ আনন্দ লওক! ৮০৯ টকাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰক মাত্ৰ ৯ টকাত!

    LPG Price : বাম্পাৰ অফাৰৰ আনন্দ লওক! ৮০৯ টকাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰক মাত্ৰ ৯ টকাত!

    এই অফাৰৰ অধীনত গ্ৰাহকসকলে মাত্ৰ ৯ টকাতে লাভ কৰিব ৮০৯ টকাৰ গেছ চিলিণ্ডাৰ৷

    এই অফাৰৰ অধীনত গ্ৰাহকসকলে মাত্ৰ ৯ টকাতে লাভ কৰিব ৮০৯ টকাৰ গেছ চিলিণ্ডাৰ৷

    এই অফাৰৰ অধীনত গ্ৰাহকসকলে মাত্ৰ ৯ টকাতে লাভ কৰিব ৮০৯ টকাৰ গেছ চিলিণ্ডাৰ৷

    • Share this:
    LPG Gas Cylinder : ১ এপ্ৰিলৰ পৰা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১০ টকাকৈ হ্ৰাস কৰা হৈছে। দিল্লীত ১৪.২ কিলোগ্ৰাম ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ৮০৯ টকালৈ হ্ৰাস পাইছে। ইয়াৰ লগতে পেটিএমে ইয়াৰ গ্ৰাহকসকলৰ বাবে সস্তাতে ঘৰুৱা গেছ চিলিণ্ডাৰ ক্ৰয়ৰ বাম্পাৰ অফাৰ লৈ আহিছে। এই অফাৰৰ অধীনত গ্ৰাহকসকলে মাত্ৰ ৯ টকাতে লাভ কৰিব ৮০৯ টকাৰ গেছ চিলিণ্ডাৰ৷

    প্ৰথমে জানি লওক কি এই অফাৰ?
    Paytmয়ে পুনৰ কেছবেক (Cashback) অফাৰ আৰম্ভ কৰিছে। এই কেছবেক অফাৰৰ অধীনত যদি কোনো গ্ৰাহকে Paytmৰ জৰিয়তে গেছ চিলিণ্ডাৰ বুক কৰে , তেন্তে তেওঁ ৮০০ টকালৈকে কেছবেক লাভ কৰিব পাৰে। ৩০ এপ্ৰিললৈ এই অফাৰ ৰাখিছে Paytmয়ে। ইয়াৰ অৰ্থ হৈছে সস্তাতে ৰন্ধন গেছ। গেছ ক্ৰয়ৰ বাবে আপোনাৰ হাতত প্ৰায় এটা মাহ আছে।

    এই অফাৰৰ সুবিধা লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব?

    যদি আপুনিও এই অফাৰৰ সুবিধা লাভ কৰিব বিচাৰে, তেন্তে আপুনি প্ৰথমে আপোনাৰ ম'বাইল ফোনত Paytm এপ ডাউনলোড কৰিব লাগিব। তাৰ পিছত, আপুনি আপোনাৰ গেছ এজেন্সীৰ পৰা চিলিণ্ডাৰ বুকিং কৰিব লাগিব। ইয়াৰ বাবে, Paytm এপত Show Moreত ক্লিক কৰক, তাৰ পিছত Recharge and Pay Billsত ক্লিক কৰক। লগে লগে আপুনি Book a Cylinderৰ বিকল্প দেখিবলৈ পাব। ইয়াত গৈ আপোনাৰ গেছ প্ৰদানকাৰীক বাছনি কৰক। বুকিং কৰাৰ পূৰ্বে আপুনি First LPG Promo Code প্ৰবিষ্ট কৰিব লাগিব। আপুনি বুকিঙৰ ২৪ ঘণ্টাৰ ভিতৰতে আপুনি এটা কেছবেক স্ক্ৰেচ কাৰ্ড পাব। এই স্ক্ৰেচ কাৰ্ডখন ৭ দিনৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব।

    বিনামূলীয়া LPG Connectionৰ নিয়ম সলনি হ’ব -
    চৰকাৰে শীঘ্ৰেই বিনামূলীয়া এলপিজি সংযোগৰ বাবে দিয়া আঁচনিৰ ৰাজসাহায্য গাঁথনি সলনি কৰাৰ সম্ভাৱনা আছে। পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে উজ্জ্বলা আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ বাজেটত ১ কোটি নতুন গেছ সংযোগৰ কথা ঘোষণা কৰিছিল, কিন্তু এতিয়া তেল বিপণন কোম্পানীৰ (OMC)ৰ অগ্ৰিম পৰিশোধ মডেল সলনি কৰিবলগীয়া হ’ব পাৰে। ইয়াৰ বাবে, ৰাজসাহায্য সংৰক্ষণৰ গাঁথনি সলনি কৰিব লাগিব। তথ্য অনুসৰি, ইয়াৰ বাবে পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে ২টাকৈ নতুন ৰাজসাহায্য গাঁথনিৰ ওপৰত কাম কৰি আছে।
    Published by:Sanjay Kumar Das
    First published: