Paytm–এ আৰম্ভ কৰিছে নতুন সেৱা !

জনপ্ৰিয় মবাইল Paymentকোম্পানী Paytm–এ চিটি বেংকৰ সহযোগিতাত মুকলি কৰিছে নতুন ক্ৰেডিট কাৰ্ড ।সেইদৰে অতি সোনকালে Paytm–এ মুকলি কৰিব ডেবিট কাৰ্ডৰো সেৱা । Paytm বেংকত একাউণ্ট থকা উপভোক্তা সকলক ডিজিটেল ডেবিট কাৰ্ডৰ সুবিধা দিয়া Paytm–এ অতি সোনকালে নিজৰ গ্ৰাহকক প্ৰদান কৰিব Physical ডেবিট কাৰ্ড ।

news18assam
Updated:May 15, 2019, 1:30 PM IST
Paytm–এ আৰম্ভ কৰিছে নতুন সেৱা !
জনপ্ৰিয় মবাইল Paymentকোম্পানী Paytm–এ চিটি বেংকৰ সহযোগিতাত মুকলি কৰিছে নতুন ক্ৰেডিট কাৰ্ড ।সেইদৰে অতি সোনকালে Paytm–এ মুকলি কৰিব ডেবিট কাৰ্ডৰো সেৱা । Paytm বেংকত একাউণ্ট থকা উপভোক্তা সকলক ডিজিটেল ডেবিট কাৰ্ডৰ সুবিধা দিয়া Paytm–এ অতি সোনকালে নিজৰ গ্ৰাহকক প্ৰদান কৰিব Physical ডেবিট কাৰ্ড ।
news18assam
Updated: May 15, 2019, 1:30 PM IST
চিটী বেংকৰ সহযোগিতাত PayTm–এ আৰম্ভ কৰিছে  ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা। ভাৰতবৰ্ষই  ডিজিটেল ক্ষেত্ৰখনত  দ্ৰুত বিকাশ লাভ কৰাৰ ফলত এতিয়া দেশত বৃদ্ধি পাইছে অনলাইন লেনদেন, নেট বেংকিং, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰা লোকৰ সংখ্যা ।

জনপ্ৰিয় মবাইল Payment কোম্পানী Paytm–এ  চিটী বেংকৰ সহযোগত মুকলি কৰিছে নতুন ক্ৰেডিট কাৰ্ড। সেইদৰে শীঘ্ৰে Paytm–এ মুকলি কৰিব ডেবিট কাৰ্ডৰ সেৱাও । বেংকত একাউণ্ট থকা উপভোক্তাসকলক ডিজিটেল ডেবিট কাৰ্ডৰ সুবিধা দিয়া Paytm–এ অতি সোনকালে নিজৰ গ্ৰাহকক প্ৰদান কৰিব Physical ডেবিট কাৰ্ড ।

Paytm বেংকত বৰ্তমান আছে প্ৰায় ৪.৪ কোটি ভাৰ্ছুৱেল ছেভিংছ একাউণ্ট। উল্লেখযোগ্য যে ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ পিছত ই এক অভিলেখ হিচাপে পৰিগণিত হৈছে। বৰ্তমান Paytm ব্যৱহাৰকাৰী গ্ৰাহকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সফলতাৰ পিছতে Paytm–এ , আৰম্ভ কৰে Paytm বেংক সেৱা ।

সেইদৰে Paytmৰ জৰিয়তে গ্ৰাহক সকলে অনলাইন শ্ব’পিং কৰাৰো সুবিধা পাইছে। Paytmৰ Physical ডেবিট কাৰ্ডৰ জৰিয়তে গ্ৰাহকসকলে লাভ কৰিব এইবোৰ সুবিধা–

১) মৃত্যু হ’লে বা কোনো দুৰ্ঘটনাৰ ফলত চিৰদিনৰ বাবে শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ’লে ২ লাখ টকাপৰ্যন্ত ইঞ্চুৰেন্সৰ সুবিধা।

২) ভাৰতৰ যিকেনো বেংকৰ ATMত লেনদেনৰ সুবিধা।

৩) যিকোনো বিপণীতে ডিজিটেল Paymentৰ সুবিধা।

৪) Physical ডেবিট কাৰ্ডখনৰ পিছত থাকিবলগীয়া QRৰ Codeৰ জৰিয়তে টকা সোনকালে লাভ কৰিব।

৫) ৰেহাই আৰু কেছবেক।

৬) বিভিন্ন ৱেবছাইট আৰু এপত ডিজিটেল লেনদেনৰ সুবিধা।
আৰু চাওক পৰৱৰ্তী বাতৰি