• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • গুগ’ল প্লে ষ্টোৰৰ পৰা আঁতৰাই দিয়া হ’ল Paytm! সকলো ধন সুৰক্ষিত, বিবৃতিৰ জৰিয়তে দাবী কৰিলে সংস্থাই

গুগ’ল প্লে ষ্টোৰৰ পৰা আঁতৰাই দিয়া হ’ল Paytm! সকলো ধন সুৰক্ষিত, বিবৃতিৰ জৰিয়তে দাবী কৰিলে সংস্থাই

One97 Communications নামৰ এটা সংস্থাৰ হাতত আছে Paytm মালিকীস্বত্ত্ব

One97 Communications নামৰ এটা সংস্থাৰ হাতত আছে Paytm মালিকীস্বত্ত্ব

One97 Communications নামৰ এটা সংস্থাৰ হাতত আছে Paytm মালিকীস্বত্ত্ব

  • Share this:
ৰহস্যজনক ভাবে গুগ’ল প্লে’ষ্টোৰৰ পৰা আঁতৰাই দিয়া হ’ল জনপ্ৰিয় পেমেণ্ট এপ Paytm। পলিচি ভায়োলেশ্যনৰ বাবে Paytmক প্লে ষ্টোৰৰ পৰা আঁতৰাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। Paytm পেমেণ্ট এপ আঁতৰাই দিয়া হ’ল যদিও অন্যান্য এপ যেনে, Paytm for Business, Paytm Mall, Paytm Money এপ এতিয়াও প্লে ষ্টোৰত আছে।

One97 Communications Ltd নামৰ এটা সংস্থাৰ হাতত আছে Paytmৰ মালিকীস্বত্ত্ব। টুইটাৰত বিবৃতিৰ জৰিয়তে Paytmৰ তৰফৰ পৰা কোৱা হৈছে যে, নতুন ডাউনলোড বা আপডেটৰ বাবে এণ্ড্ৰড এপ সাময়িকভাবে গুগ’ল প্লে’ ষ্টোৰৰ বাবে আঁতৰোৱা হৈছে। কিন্তু অতি শীঘ্ৰে আকৌ প্লে ষ্টোৰত উপলব্ধ হ’ব Paytm পেমেণ্ট এপ।
Published by:Himangshu Bhuyan
First published: