বৰপেটাৰ ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলীটৰ দুৰ্দশা, তাঁতশাল ব'ই মোকলাইছে পেটৰ ভাত

News18 Assam | News18-Assam
Updated:July 19, 2021, 12:02 PM IST
বৰপেটাৰ ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলীটৰ দুৰ্দশা, তাঁতশাল ব'ই মোকলাইছে পেটৰ ভাত
চৰকাৰী সাহায্য-সংস্থাপন অবিহনে সম্প্ৰতি দুখ-যন্ত্ৰণাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বৰপেটাৰ বামুণাগাঁও নিবাসী নিজৰা দাসে৷

চৰকাৰী সাহায্য-সংস্থাপন অবিহনে সম্প্ৰতি দুখ-যন্ত্ৰণাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বৰপেটাৰ বামুণাগাঁও নিবাসী নিজৰা দাসে৷

  • Share this:
প্ৰতিভাৰ যেন কদৰ নাই অসমত৷ এসময়ত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক সমৃদ্ধ কৰি যোৱা বহু প্ৰতিভাৱান খেলুৱৈ চৰকাৰীভাৱে উপেক্ষিত হৈ ৰৈছে৷ তেনে এগৰাকী ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলীট হৈছে বৰপেটাৰ নিজৰা দাস৷ চৰকাৰী সাহায্য-সংস্থাপন অবিহনে সম্প্ৰতি দুখ-যন্ত্ৰণাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বৰপেটাৰ বামুণাগাঁও নিবাসী নিজৰা দাসে৷

পঞ্চম শ্ৰেণীৰ পৰাই এগৰাকী দৌৰবিদ হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বৰপেটাৰ বামনা গাঁৱৰ নিজৰা দাসে এতিয়া এনেদৰেই তাঁত ব'ই পৰিয়াল চলাবলগীয়া হৈছে৷ এগৰাকী এথলীট হিচাপে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নিজৰাই ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটত অনুষ্ঠিত আন্তঃজিলা চেম্পিয়নশ্বিপত বৰপেটা জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি নিৰ্দিষ্ট ইভেণ্টত প্ৰথম স্থান অধিকাৰ কৰিছিল৷ আনকি শ্বিলঙত অনুষ্ঠিত নৰ্থ-অষ্ট চেম্পিয়নশ্বিপত অসমৰ হৈ  অংশ লোৱাৰ লগতে পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, বিহাৰৰ ৰাঁচী আৰু হাৰিয়ানাৰ ৰোহটক আদিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশ লৈছিল৷

বৰপেটাৰ এম চি কলেজৰ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা এথলীটগৰাকীয়ে ১৯৯৫ চনত অসম অলিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত আছাম ষ্টেট গেম '৯৫ শীৰ্ষক প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল৷ এসময়ত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনত উজলি উঠা দুখীয়া পৰিয়ালৰ সন্তান  নিজৰাৰ ভৱিষ্যৎ জীৱন সুখকৰ হ'ব বুলি সকলোৱে ধাৰণা কৰিছিল যদিও বাস্তৱত সেয়া হৈ নুঠিল৷

দৌৰৰ জৰিয়তে জীৱন জিলিকাই তোলাৰ সপোন দেখা খেলুৱৈগৰাকীয়ে এটা কৰ্মসমস্থাপন বাবে ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পিছতো অগ্ৰাধিকাৰৰ ভিত্তিত এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম নহ'ল৷ আনকি নাপালে কোনো চৰকাৰী সাহায্যও৷ এসময়ৰ দৰ্দান্ত এথলীটগৰাকীয়ে পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া স্বামীৰ সহায় হোৱাকৈ তাঁতশাল ব'ই, কাপোৰ বিক্ৰী কৰি পৰিয়াল চলাবলগীয়া হৈছে৷
Published by: Sanjay Kumar Das
First published: July 19, 2021, 11:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি