পুৱা গধূলি লাভলীনাই চলাইছে অনুশীলন।
পুৱা গধূলি লাভলীনাই চলাইছে অনুশীলন।
টকিঅ' অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ সফল খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে পুনৰ নামিছে নিতৌ অনুশীলনত । ২০২০ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিয়েই ব্ৰঞ্জৰ পদক আজুৰি অনা গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ লাভলীনা বৰগোঁহাইৰ লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণপদক। যাৰ বাবে ৮ আগষ্টত টকিঅ' অলিম্পিক শেষ হোৱাৰ পিছতেই ৯ আগষ্টত নতুন দিল্লী আৰু পৰৱৰ্তী সময়ত গুৱাহাটী লগতে জন্ম গাঁৱলৈ গৈ কেইদিনমান জিৰণি লোৱা লাভলীনা বৰগোঁহাই এতিয়া আকৌ ব্যস্ত অনুশীলনত।
সম্প্ৰতি বাংগালৰুত থকা অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোহাঁইয়ে পুৱা যদি ব্যায়াম কৰিছে আকৌ গধূলি ৰিঙত নামি বক্সিং খেলিছে। মুঠৰ ওপৰত লাভলীনা বৰগোঁহাইৰ দুচকুত এতিয়া মাথো পেৰিছ অলিম্পিকৰ স্বৰ্ণপদকৰ সপোনে। বক্সিং ইণ্ডিয়াৰ সচিব তথা অসম বক্সিং এছোছিয়েছনৰ সাধাৰণ সম্পাদক হেমন্ত কলিতায়ো লাভলীনাৰ লগতে অন্যান্য খেলুৱৈ সকলক আগন্তুক প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|