• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Mobile Addiction in Children: শিশুৰ বাবে বিপদ হৈ পৰিছে মোবাইল! অনলাইন পঢ়া-শুনাৰ পিছত কমা নাই মোবাইল আসক্তি

Mobile Addiction in Children: শিশুৰ বাবে বিপদ হৈ পৰিছে মোবাইল! অনলাইন পঢ়া-শুনাৰ পিছত কমা নাই মোবাইল আসক্তি

Mobile Addiction in Children: মনোৰোগ বিশেষজ্ঞ ডাঃ সুমিত মিট্টালে জনোৱা মতে, অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰিলে শিশুৰ অস্থিৰতা, স্নায়বিকতা, খিংখিঙীয়া, দুখ, খাদ্য পৰিত্যাগ, সামাজিক আৰু পাৰিবাৰিক খহনীয়া হয়।

Mobile Addiction in Children: মনোৰোগ বিশেষজ্ঞ ডাঃ সুমিত মিট্টালে জনোৱা মতে, অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰিলে শিশুৰ অস্থিৰতা, স্নায়বিকতা, খিংখিঙীয়া, দুখ, খাদ্য পৰিত্যাগ, সামাজিক আৰু পাৰিবাৰিক খহনীয়া হয়।

Mobile Addiction in Children: মনোৰোগ বিশেষজ্ঞ ডাঃ সুমিত মিট্টালে জনোৱা মতে, অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰিলে শিশুৰ অস্থিৰতা, স্নায়বিকতা, খিংখিঙীয়া, দুখ, খাদ্য পৰিত্যাগ, সামাজিক আৰু পাৰিবাৰিক খহনীয়া হয়।

  • Share this:
কৰ’নাৰ সময়ছোৱাত অনলাইন অধ্যয়নৰ বাবে শিশুৱে মোবাইল ফোন ব্যৱহাৰ কৰিছিল। ইয়াৰ বাবেই অধ্যয়নৰ পিছতো শিশুৰ মোবাইল চোৱাৰ প্ৰৱণতা বাঢ়িছে। স্কুলত অফলাইন ক্লাছ আৰম্ভ হৈছে যদিও শিশুৰ মোবাইলৰ আসক্তি কিন্তু কম হোৱা নাই। ইয়াক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল। শিশুক কেনেকৈ মোবাইলৰ পৰা আঁতৰাই ৰাখিব পাৰি, ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিছে বেছিভাগ অভিভাৱকে। এটা বাতৰি মতে ৰাজস্থানৰ ঢোলপুৰ চহৰত  অনলাইন শিক্ষাৰ বাবে প্ৰায় ৭০ শতাংশ শিশুৰ নিজা মোবাইল ফোন আছিল। বিদ্যালয় খোলাৰ পিছত এতিয়া অভিভাৱকসকলে তেওঁলোকৰ মোবাইলবোৰ ঘূৰাই বিচৰাৰ পিছতে লাহে লাহে শিশুসকল খিংখিঙীয়া হৈ পৰিছে।

মোবাইল আসক্তিক লৈ কি কয় চিকিৎসকে
চকু বিশেষজ্ঞ ডাঃ অশোক জিন্দালে জনোৱা মতে, মোবাইলৰ পৰা নিৰ্গত হোৱা ৰশ্মিৰ বাবে বহু শিশুৱে নতুনকৈ ৰোগত আক্ৰান্ত হৈ আছে। মোবাইলৰ আসক্তি ইমানেই বাঢ়িছে যে যদি শিশুৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ ​​যায়, তেতিয়া তেওঁলোক আক্ৰমণাত্মক হৈ পৰে।

মোবাইল ফোনৰ ক্ষতি
স্মাৰ্টফোনটোৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে কেৱল টোপনি অহাত অসুবিধাই নহয়, বাৰে বাৰে টোপনি ভাঙি পেলায়। ইয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে ৰেটিনাৰ ক্ষতি হোৱাৰ আশংকা থাকে। মোবাইলত লাগি থাকিলে ৰুটিন অনিয়মীয়া হৈ থাকে। ইয়াৰ ফলত মেদবহুলতা আৰু টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

আপুনি এইবোৰ নকৰিব
বহুসময়ত দেখা গৈছে যে বহু অভিভাৱকেনিজেই মোবাইলত বা আন কোনো কামত ব্যস্ত থাকিলে শিশুৱে যাতে তেওঁলোকক অশান্তি দিব নোৱাৰে তাৰবাবে তেওঁলোকে নিজেই শিশুসকলক মোবাইল দিয়ে। শিশু এটাই কান্দিলে মোবাইল এটা দিয়ে তাক চুপ কৰি ৰাখিবলৈ। তেওঁলোকৰ লগত কোনেও খেলা নকৰে, সেয়ে শৈশৱ আবদ্ধ হৈ পৰে মোবাইলৰ কুপ্ৰভাৱত। পঢ়া-শুনাত শিশুৱে ব্যৱহাৰ কৰি আছে মোবাইল, লেপটপ। গোটেই দিনটো মোবাইলত বহু শিশু এংগেজ হৈ থাকে। ইয়াৰ বাবে চকু শুকান হোৱাৰ অভিযোগ বাঢ়ি গৈ আছে। একে সময়তে চকুত ব্লাৰিং আৰু ইনফেকচন হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

এই কথা কয় মনোৰোগ বিশেষজ্ঞসকলে
মনোৰোগ বিশেষজ্ঞ ডাঃ সুমিত মিট্টালে জনোৱা মতে, অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰিলে শিশুৰ অস্থিৰতা, স্নায়বিকতা, খিংখিঙীয়া, দুখ, খাদ্য পৰিত্যাগ, সামাজিক আৰু পাৰিবাৰিক খহনীয়া হয়। এনে ক্ষেত্ৰত ঔষধৰ কোনো ভূমিকা নাই। এনে অৱস্থাত শিশুসকলক কাউন্সেলিং, বিহেভিয়াৰ থেৰাপী দিয়া হয়।
Published by:Manjumoni Borah
First published: