• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Parenting Tips : আপোনাৰ শিশুটিৰ আত্মবিশ্বাস গঢ়িব বিচাৰে যদি তেওঁলোকৰ সন্মুখত কেতিয়াও নকৰিব এইসমূহ কাম

Parenting Tips : আপোনাৰ শিশুটিৰ আত্মবিশ্বাস গঢ়িব বিচাৰে যদি তেওঁলোকৰ সন্মুখত কেতিয়াও নকৰিব এইসমূহ কাম

কিছুমান শিশুৰ প্ৰতিভা (Talent) থকা স্বত্বেও আত্মবিশ্বাসৰ (Self-confidence) অভাৱ হয়। ইয়াৰ বাবে শৈশৱ Childhood)ত পিতৃ-মাতৃৰ বিভিন্ন আচৰণ মূলত দায়ী।

কিছুমান শিশুৰ প্ৰতিভা (Talent) থকা স্বত্বেও আত্মবিশ্বাসৰ (Self-confidence) অভাৱ হয়। ইয়াৰ বাবে শৈশৱ Childhood)ত পিতৃ-মাতৃৰ বিভিন্ন আচৰণ মূলত দায়ী।

কিছুমান শিশুৰ প্ৰতিভা (Talent) থকা স্বত্বেও আত্মবিশ্বাসৰ (Self-confidence) অভাৱ হয়। ইয়াৰ বাবে শৈশৱ Childhood)ত পিতৃ-মাতৃৰ বিভিন্ন আচৰণ মূলত দায়ী।

  • Share this:
Self Confidence In Kids : বহু সময়ত আপুনি লক্ষ্য কৰিলে দেখিব যে কিছুমান শিশুৰ প্ৰতিভা (Talent) থকা স্বত্বেও আত্মবিশ্বাসৰ (Self-confidence) যথেষ্ট অভাৱ থকা দেখা যায়।  এনে হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে, বিশেষকৈ শৈশৱ (Childhood)তে ঘটা কিছুমান কথাই ইয়াৰ বাবে জগৰীয়া হয়।। দৰাচলতে, শিশুৰ ভাল লালন-পালনেই হৈছে এখন সুস্থ সমাজৰ ভেটি।  শৈশৱতে শিশুসকলক যি শিকোৱা হয় বা যি দেখে, সেইবোৰেই  তেওঁলোকৰ মনত আজীৱন ৰেখাপাত কৰে। যেতিয়া তেওঁলোক লাহে লাহে ডাঙৰ হয় তেতিয়া সেইবোৰ কথাই তেওঁলোকৰ ব্যক্তিত্বত স্পষ্টভাৱে দৃশ্যমান হয়। প্ৰতিজন অভিভাৱকে শিশুটিৰ কিছুমান দিশত যত্ন লোৱা উচিত যাতে শিশুৰ আত্মবিশ্বাস কোনো প্ৰকাৰে হ্ৰাস নহয়। এইবোৰৰ বিষয়ে জনোঁ আহক।

শিশুক কাৰো সৈতে কেতিয়াও তুলনা নকৰিব :

বহুতো অভিভাৱকে শিশুক সকলোতকৈ আগৰণুৱা কৰাৰ আকাংক্ষাত তেওঁলোকৰ সন্তানক আন শিশুৰ সৈতে তুলনা কৰে। তেওঁলোকে ভাবে যে ই তেওঁলোকৰ সন্তানক আনৰ সন্তানতকৈ উন্নত কৰিব, কিন্তু আপোনাৰ এই আচৰণবোৰে শিশুটিৰ আত্মবিশ্বাস নোহোৱাহে কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সন্তানে আনতকৈ নিজক হেয় অনুভৱ কৰে, লগতে আন শিশুৰ প্ৰতি বিৰক্ত হয়। সেয়েহে আপোনাৰ সন্তানক আন শিশুৰ সৈতে তুলনা কৰাটো পৰিহাৰ কৰিব লাগে।

শিশুক উপহাস নকৰিব :

সৰু বা ডাঙৰ, ভাল বা বেয়া যিকোনো বস্তুৰ বাবে কেতিয়াও আপোনাৰ সন্তানক উপহাস নকৰিব। কাৰো সন্মুখত এইবোৰক লৈ নাহাঁহিব। যদি শিশুটোক কিবা বুজাব লগীয়া হয় তেন্তে শান্ত মনেৰে, আৰামেৰে বুজাই দিয়ক। শিশু এটাক উপহাস কৰা বা শশুটিয়ে কৰা কামক লৈ আনৰ সন্মুখত উপলুঙা কৰা আদি কামে শিশুটিৰ আত্মবিশ্বাসৰ ওপৰত প্ৰভাৱ পেলায়।

সৰু সৰু কথাতে মাৰপিট নকৰিব :

প্ৰতিটো সৰু কথা বুজাবলৈ শিশুসকলক প্ৰহাৰ নকৰিব। ই কেৱল তেওঁলোকৰ ভয়ৰ অনুভূতি হ্ৰাস নকৰে কিন্তু লগতে আত্মবিশ্বাস হ্ৰাস কৰে। তেওঁলোকে অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে তেওঁলোক বৰ বেয়া আৰু কোনেও তেওঁলোকক ভাল নাপায়। তেওঁলোকক প্ৰহাৰ কৰাৰ পৰিৱৰ্তে, তেওঁলোকক প্ৰেমেৰে ভুল নকৰিবলৈ বুজাওক।

সকলো কামতে দোষ খুচৰি নেথাকিব :

যেতিয়াই শিশু এটিয়ে কিবা কৰে তেতিয়াই দোষ নধৰিব। আনৰ সন্মুখত তেওঁৰ ত্ৰুটিবোৰ আলোচনা নকৰিব। ইয়াৰ ফলত শিশুটিৰ আত্মবিশ্বাসৰ অভাৱ হয় আৰু তেওঁ অনুভৱ কৰে যে তেওঁ একো সঠিকভাৱে কৰিব নোৱাৰে। যদি আপুনি আপোনাৰ সন্তানৰ কাম শুধৰণি কৰিব বিচাৰে বা শিশুটিক ক'ব বিচাৰে যে এইটো শুদ্ধ নহয়, তথাপি শশুটিৰ কামটোৰ ভুল নধৰি তাক প্ৰশংসা কৰি শান্ত আৰু নিম্নস্বৰত কামটো কৰাৰ সঠিক উপায় বুজাবলৈ চেষ্টা কৰিব।

কাৰো সন্মুখত শিশুৰ কথা বেয়াকৈ নক'ব :

কেতিয়াবা পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক ভাল কৰিবলৈ আনৰ সন্মুখত সন্তানৰ ভুলবোৰ আলোচনা কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে ভাবে যে এনে কৰিলে সন্তানে ভুল নকৰিব। কিন্তু ই শিশুটিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এই কামবোৰে শিশুৰ মনত বিপৰীত প্ৰভাৱ পেলায় আৰু তাৰ আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে। সেয়েহে, সদায় শিশুটিৰ ভুলবোৰ আনৰ আগত আলোচনা কৰাটো পৰিহাৰ কৰা উচিত।

(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। NEWS18অসমে এইবোৰ কোনোধৰণে নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by:Manjumoni Borah
First published: