• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Angarag Papon Mahanta : কল পাতত পাপনৰ ছবিয়ে মোহিত কৰিছে শিল্পীজনক, ছচিয়েল মিডিয়াত কৰিলে ছেয়াৰ। চাওক ফটো...

Angarag Papon Mahanta : কল পাতত পাপনৰ ছবিয়ে মোহিত কৰিছে শিল্পীজনক, ছচিয়েল মিডিয়াত কৰিলে ছেয়াৰ। চাওক ফটো...

পাপনে চিত্ৰকৰ জিতু গগৈৰ কল্পনাৰ প্ৰশংসা কৰি জনাইছে কৃতজ্ঞতা- "কিমান কল্পনাপ্ৰৱণ! ধন্যবাদ জিতু। তোমালৈ বহুত মৰম।"

  • Share this:
পিতৃ প্ৰয়াত খগেন মহন্ত (Late Khagen Mahanta)ই গাইছিল "কলৰে পাততে কাউৰী পৰে... শীৰ্ষক বিখ্যাত গীতটো।" সেই খগেন মহন্তৰেই সুযোগ্য় সন্তান পাপন (Angarag Papon Mahanta)ৰ ছবি আজি কলৰ পাতত উদ্ভাসিত হৈ উঠিছে। কল পাত অসমৰ সমাজ জীৱনৰ এৰাব নোৱৰা অংগ। আমাৰ লোক সংস্কৃতি, লোক কাহিনী, গীত আদিত কল পাতৰ বহুল ব্যৱহাৰ আছে। এই কল পাততে গায়ক পাপনৰ এখন মনপৰশা ছবি আঁকিছে চিত্ৰকৰ জিতু গগৈয়ে। জিতু গগৈ (Jitu Gogoi)য়ে কলপাতত ছবিখন আঁকি উপহাৰ দিছে পানক আৰু পাপনে সেইখন ছেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

পাপনে চিত্ৰকৰ জিতু গগৈৰ কল্পনাৰ প্ৰশংসা কৰি জনাইছে কৃতজ্ঞতা- "কিমান কল্পনাপ্ৰৱণ! ধন্যবাদ জিতু। তোমালৈ বহুত মৰম।" পাপনে পূৰ্বেও এনেদৰে অঁকা তেওঁৰ ছবি ছচিয়েল মিডিয়াত ছেয়াৰ কৰি কৃতজ্ঞতা জনাই আহিছে।

উল্লেখ্য যে জিতু গগৈয়েও এই ছবিখন নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ছেয়াৰ কৰিছে।
Published by:Manjumoni Borah
First published: