মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »শিশুৰ বাবে বনাওক PAN কাৰ্ড! জানক কেতিয়া ইয়াৰ প্ৰয়োজন হয়? কেনেকৈ কৰিব আবেদন?

শিশুৰ বাবে বনাওক PAN কাৰ্ড! জানক কেতিয়া ইয়াৰ প্ৰয়োজন হয়? কেনেকৈ কৰিব আবেদন?

আইটিআৰ ফাইল কৰাৰ বাবে পান কাৰ্ড অতি প্ৰয়োজন। ইয়াৰ কাৰণ হ’ল আয়কৰ বিভাগৰ ফালৰ পৰা পান কাৰ্ড প্ৰাপ্ত কৰাৰ কোনো বিশেষ বয়স নাথাকে।

আইটিআৰ ফাইল কৰাৰ বাবে পান কাৰ্ড অতি প্ৰয়োজন। ইয়াৰ কাৰণ হ’ল আয়কৰ বিভাগৰ ফালৰ পৰা পান কাৰ্ড প্ৰাপ্ত কৰাৰ কোনো বিশেষ বয়স নাথাকে।

আইটিআৰ ফাইল কৰাৰ বাবে পান কাৰ্ড অতি প্ৰয়োজন। ইয়াৰ কাৰণ হ’ল আয়কৰ বিভাগৰ ফালৰ পৰা পান কাৰ্ড প্ৰাপ্ত কৰাৰ কোনো বিশেষ বয়স নাথাকে।

  • Share this:
পান কাৰ্ড (PAN CARD) আজিৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ নথিসমূহৰ ভিতৰত এখন। যদি আপোনাৰ শিশুৰ নামত বিনিয়োগ কৰিব বিচাৰে বা নমিনি বনাব বিচাৰে তেন্তে পান কাৰ্ডৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি আইটিআৰ ফাইলিং নিয়মৰ মতে, ভাৰতত আইটিআৰ ফাইল কৰাৰ কোনো সীমা নাই। যদি কোনো নাবালকে ১৫ হাজাৰ টকা প্ৰতিমাহত উপাৰ্জন কৰে তেন্তে তেওঁ আইটিআৰ ফাইল কৰিব পাৰে।

আইটিআৰ ফাইল কৰাৰ বাবে পান কাৰ্ড অতি প্ৰয়োজন। ইয়াৰ কাৰণ হ’ল আয়কৰ বিভাগৰ ফালৰ পৰা পান কাৰ্ড প্ৰাপ্ত কৰাৰ কোনো বিশেষ বয়স নাথাকে। ইয়াৰ অৰ্থ হ’ল নাবালক হ’লেও পান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

পান কাৰ্ড বনোৱাৰ পদ্ধতি খুবেই সহজ। নাবালকৰ বাবে পান কাৰ্ড বনোৱাৰ বাবে বিকল্প উপলব্ধ। আপুনি অফলাইনতো ইয়াৰ বাবে আবেদন কৰিব পাৰে আৰু অনলাইনতো কৰিব পাৰে। আহক জানো কেনেকৈ কৰিব?

শিশুৰ বাবে পান কাৰ্ড বনোৱাৰ আবেদন পদ্ধতি
১. প্ৰথমে টেক্স ইনফৰ্মেচন নেটৱৰ্কৰ ৱেবছাইট www.tin-nsdl.comলৈ যাওক। ইয়াৰ পিছত ‘Online PAN Application’ত ক্লিক কৰক।
২. ভিতৰত ৰেছিডেন্সী ষ্টেটাছৰ হিচাপত ফৰ্ম 49 বা ফৰ্ম 49(A) নিৰ্বাচন কৰক।
৩. ইয়াৰ পিছত দিয়া নিৰ্দেশসমূহ পালন কৰি আবেদনকাৰীৰ কেটেগৰী ছিলেক্ট কৰি আগবাঢ়ক।
৪. ছিলেক্ট অপচনত ক্লিক কৰি প্ৰয়োজনীয় সবিশেষ দাখিল কৰক।
৫. এতিয়া আপুনি কেতবোৰ নথি আপলোড কৰাৰ নিৰ্দেশ লাভ কৰিব। সকলো প্ৰয়োজনীয় নথি আপলোড কৰক। লগতে অনলাইন ফিজ পৰিশোধ কৰক।
৬. 'Submit'ত ক্লিক কৰক। ইয়াৰ পিছত আপুনি স্ক্ৰীণত এটা ৰেফাৰেন্স নম্বৰ পাব। ইয়াক লিখি ৰাখক। ই আপোনাক পিছত পান কাৰ্ড আবেদনৰ ষ্টেটাছ চেক কৰাত সহায় কৰিব।
৭. সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত কিছুদিনৰ পিছত আপোনাৰ পান কাৰ্ড আপোনাৰ ঠিকনালৈ প্ৰেৰণ কৰা হ’ব।

কি কি নথিৰ প্ৰয়োজন হ’ব
শিশুৰ পিতৃ–মাতৃৰ ঠিকনা আৰু পৰিচয়ৰ প্ৰমাণপত্ৰ।
ঠিকনাৰ প্ৰমাণৰ বাবে আধাৰ কাৰ্ড, পোষ্ট অফিচৰ পাছবুক, সম্পত্তি পঞ্জীয়নৰ নথি বা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ কপি জনা দিব লাগিব।

শেহতীয়া বাতৰি