৩১ ডিচেম্বৰৰ আগত এই ৪ টা কাম কৰি লওক, নহ’লে সমস্যাত পৰিব আপুনি

News18 Assam | News18-Assam
Updated:December 22, 2019, 1:38 PM IST
৩১ ডিচেম্বৰৰ আগত এই ৪ টা কাম কৰি লওক, নহ’লে সমস্যাত পৰিব আপুনি
সোনকাল কৰক

সোনকাল কৰক

  • Share this:
চাওতে চাওতে প্ৰায় শেষ হ’ল ২০১৯। এতিয়া সকলো ব্যস্ত নতুন বছৰ আদৰাৰ প্ৰস্তুতিত। এই সময়তে আপুনি আপোনাৰ বেংক, আই কৰ, এটিএম আৰু পেন কাৰ্ডৰ সৈতে জড়িত কেইটামান বিশেষ কাম ২০১৯ চনৰ ডিচেম্বৰ মাহৰ আগতেই কৰি ল’ব লাগিব।

১.৩১ ডিচেম্বৰৰ আগতেই পেন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাওক

আধাৰ কাৰ্ডৰ সৈতে পেন (Permanent Account Number) কাৰ্ড সংযোগৰ দিন ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। ভাৰতৰ আয়কৰ বিভাগে এবাৰ অচল বুলি ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা।

কেনেকৈ কৰিব লিংক?
SMSৰ দ্বাৰা কৰক লিংক– আয়কৰ বিভাগে SMSৰ জৰিয়তে আধাৰ আৰু পেন কাৰ্ডক লিংক কৰিবলৈ কয়। ইয়াৰ বাবে যিকোনো এজন লোকে নিজৰ ফোনেৰে ডাঙৰ আখৰত UIDPNৰ পিছত খালী স্থান এৰি নিজৰ আধাৰৰ সংখ্যা আৰু তাৰ পিছত পেন কাৰ্ডৰ নম্বৰ UIDPAN<space><12-digit Aadhaar><space><10-digit PAN> লিখি 567678 বা 56161ক SMS প্ৰেৰণ কৰিব লাগিব।

২. SBIৰ ATM কাৰ্ড সলনি

৩১ ডিচেম্বৰৰ পৰা কাম নকৰিব আপুনি ব্যৱহাৰ কৰি থকা ভাৰতীয় ষ্টেট বেংকৰ ATM কাৰ্ড। ইতিমধ্যে টুইটাৰ যোগে ভাৰতীয় ষ্টেট বেংকে জনাইছে এই কথা। গ্ৰাহকসকলে এই কাম অহা ৩১ ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব কিয়নো তেওঁলোকে নতুন বছৰত আৰু পুৰণি এটিএম-ডেবিট কাৰ্ডেৰে পইচা উলিয়াব নোৱাৰিব।

যিসকল ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকে এতিয়াও পুৰণি মেগ্নেটিকৰ ATM আৰু ডেবিট কাৰ্ড ব্যৱহাৰকৰী আছে অহা ৩১ ডিচেম্বৰৰ আগত সলনি নকৰিলে কাম নকৰা হৈ পৰিব। পুৰণি মেগ্নেটিকৰ ATM আৰু ডেবিট কাৰ্ড ব্যৱহাৰকৰী সকলে অহা ২৫ দিনৰ ভিতৰত নতুন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন। ইয়াৰ পৰিৱৰ্তে গ্ৰাহকে EMV চিপ থকা ডেবিট কাৰ্ড ল’ব লাগিব।

৩. ৩১ ডিচেম্বৰৰ ভিতৰত IRTনিদিলে পৰিশোধ কৰিব লাগিব বৃহৎ জৰিমনা

২০১৮–২০১৯ চনৰ ইনকাম টেক্স ৰিটাৰ্ণ ৩১ ডিচেম্বৰৰ ভিতৰত  ফাইল নকৰিলে আগন্তুক সময়ত বৃহৎ জৰিমনা ভৰিব লাগিব। ৩১ ডিচেম্বৰৰ পিছত এই কাম কৰিলে ভৰিব লাগিব নূন্যতম ১০০০০ টকা।

৪. ‘সবকা বিশ্বাস স্কীম’ ৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ

যদি আপুনি কোনো Service tax বা Excise Duty সম্বন্ধীয় কোনো সমস্যাত পৰিছে, তেন্তে ইয়াৰ সমাধানৰ বাবে ২০১৯ চনৰ ৩১ ডিচেম্বৰৰ আগতেই পঞ্জীয়ন কৰাওক।  কাৰণ মিডিয়াৰ সূত্ৰ অনুসৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ ‘সবকা বিশ্বাস স্কীম’ৰ অন্তিম সময়সীমা বৃদ্ধি কৰা নহয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি