পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নিয়ম সলনি হ’ল। চৰকাৰে বাজেটত আধাৰ কাৰ্ড আৰু পেন কাৰ্ডক লৈ বহুকেইটা নিয়ম সলনি কৰিছে। এই সলনিৰ পিছত এতিয়া PAN বহুকেইটা বিত্তীয় সেৱাৰ কাৰণে অনিবাৰ্য নহ’ব। পেনৰ সলনি আপুনি আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু এয়া সেই ব্যক্তিয়ে কৰিব পাৰিব যাৰ লগত পেন কাৰ্ড নাথাকে। আহক জানো আপুনি ক’ত–ক’ত পেন কাৰ্ড দিব লাগে আৰু তাৰ পৰিৱৰ্তে এতিয়া আপুনি আধাৰ নম্বৰ দিব পাৰিব।
আধাৰ কাৰ্ডেৰে প্ৰস্তুত কৰিব পাৰিব ক্ৰেডিট কাৰ্ড
যিসকল লোকৰ পেন কাৰ্ড নাই, কিন্তু আধাৰ কাৰ্ড আছে, তেওঁলোকে সহজতে ক্ৰেডিট কাৰ্ড প্ৰস্তুত কৰিব পাৰে। তাৰ লগতে বেংক একাউণ্টো খুলিব পাৰিব।
পেন আৰু আধাৰৰ সৈতে জড়িত নিয়মসমূহ>> ১০ লাখতকৈ অধিক অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিলেও পেনৰ পৰিৱৰ্তে আধাৰ নম্বৰ দিব পাৰিব।
>> যদি আপুনি ৫০ হাজাৰতকৈ অধিক ধন লেন–দেন কৰে তেন্তে পেন নম্বৰৰ সলনি আধাৰ নম্বৰ ৱ্যৱহাৰ কৰিব পাৰে।
>> যদি আপুনি ২ লাখ টকাতকৈ অদিক সোণ ক্ৰয় কৰে তেন্তে সোণাৰীয়ে আপোনাৰ পৰা পেন কাৰ্ড বিচাৰে। এতিয়ী আপুনি সোণাৰীক আধাৰ নম্বৰ দিব পাৰিব।
![]()
>> যদি আপুনি কোনো চাৰিচকীয়া বাহন ক্ৰয় কৰিব বিচাৰি আছে এতিয়া আপুনি পেন কাৰ্ডৰ সলনি আধাৰ কাৰ্ড দিব পাৰিব।
>> কোনো হোটেল–ৰেষ্টুৰাত এবাৰত ৫০,০০০ হাজাৰ টকাৰ বিল পৰিশোধ কৰিলেও আধাৰ নম্বৰ দিব পাৰিব।
>> Mutual Fund Investments আৰু Sharesৰ ক্ৰয় বা বিক্ৰীত পেন কাৰ্ড প্ৰয়োজনীয় তাতেও আপুনি আধাৰ নম্বৰ দিব পাৰিব।
>> ৫০,০০০তকৈ অধিক টকাৰ বিদেশী কাৰেঞ্চী ক্ৰয় কৰিলে আধাৰ নম্বৰ দিব পাৰিব।
>> কোনো ইঞ্চুৰেঞ্চ কোম্পানীক প্ৰীমিয়ামৰ আধাৰত এবছৰত ৫০ হাজাৰ পেমেণ্ট কৰিলে পেনৰ পৰিৱৰ্তে আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব।
>> কোনো লিষ্টেড কোম্পানীৰ ১ লাখ টকাতকৈ অধিক শ্বেয়াৰ ক্ৰয় কৰিলেও আপুনি আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব।
>> বাহন ক্ৰয়ৰ ক্ষেত্ৰত আপুনি পেনৰ সলনি আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব।
>> ডিমেট একাউণ্ট আৰু বেংক একাউণ্ট এতিয়া মাত্ৰ আধাৰ কাৰ্ডেৰে খুলিব পাৰিব।
>> যদি আপোনাৰ পেন কাৰ্ড নাই তেন্তে আধাৰ নম্বৰ প্ৰদান কৰিও নিজৰ টেক্স ৰিটাৰ্ণ ফাইল কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|