আধাৰ কাৰ্ড আৰু পান কাৰ্ড গুৰুত্বপূৰ্ণ নথিসমূহৰ ভিতৰত অন্যতম। আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ পৰা ডাঙৰ বেংকিং লেনদেনলৈ সকলোতে পান কাৰ্ড প্ৰয়োজন। ইয়াৰ উপৰি বহু বিত্তীয় কামৰ বাবে পান কাৰ্ড অতি গুৰুত্বপূৰ্ণ নথি। আনহাতে, আধাৰ কাৰ্ডৰ ব্যৱহাৰ বহু কাম কৰা আৰু চিনাকিৰ বাবে কৰা হয়।
আয়কৰ বিভাগে পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ বাবে ডেডলাইন ৩১ মাৰ্চ ২০২২ নিৰ্ধাৰণ কৰিছে। যদি পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে এই তাৰিখলৈ লিংক নকৰে তেন্তে জৰিমনা ভৰিব লাগিব পাৰে। আহক জানো কেনেকৈ কৰিব এই কাম।
৩১ মাৰ্চৰ পিছ অচল হৈ পৰিব পান কাৰ্ডযদি আপুনি চৰকাৰৰ ফালৰ পৰা অন্তিম তাৰিখৰ ভিতৰত পান কাৰ্ডৰ সৈতে আধাৰ লিংক নকৰে তেন্তে আপোনাৰ ১০০০ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে। ইয়াৰ উপৰি যিসকলে৩১ মাৰ্চ ২০২২লৈ পান কাৰ্ডৰ সৈতে আধাৰ লিংক নকৰায়, তেওঁলোকৰ পান কাৰ্ড ১ এপ্ৰিল ২০২২ৰ পৰা অচল হৈ পৰিব।
কেনেকৈ কৰিব এই কাম?– প্ৰথমে আয়কৰ বিভাগৰ ৱেবছাইটলৈ যাওক।
– আধাৰ কাৰ্ডত দিয়া নাম, পান নম্বৰ আৰু আধাৰ নম্বৰ দিয়ক।
– আধাৰ কাৰ্ডত কেৱল জন্মৰ বছৰ দিয়া থাকিলে স্কোৱায়াৰ টিক কৰক।
– এতিয়া কেপচা কোড এণ্টাৰ কৰক।
– এতিয়া Link Aadhaar বুটামত ক্লিক কৰক।
– আপোনাৰ পান আধাৰৰ সৈতে লিংক হৈ যাব।
এছএমএছৰ জৰিয়তেও কৰিব পাৰিব লিংক
আপুনি নিজৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। ইয়াৰ পিছত ১২ সংখ্যাৰ আধাৰ নম্বৰ লিখক। তাৰ পিছত ১০ সংখ্যাৰ পান নম্বৰ টাইপ কৰক। এতিয়া 567678 বা 56161 নম্বৰলৈ প্ৰেৰণ কৰক এই এছএমএছ।
কিয় প্ৰয়োজন এই এই কাম১. অচল সম্পত্তি ক্ৰয় কৰাৰ সময়ত
২. ক্ৰেডিট কাৰ্ডৰ বাবে
৩. ইনঞ্চুৰেন্স প্ৰিমিয়ামৰ বাবে
৪. ৫০ হাজাৰতকৈ অধিক লেনদেনৰ বাবে
৫. TD বা FDৰ বাবে।