৩১ জুলাইৰ পূৰ্বে PAN–আধাৰ লিংক কৰাটো প্ৰয়োজন, নকৰিলে হ’ব আপোনাৰ ক্ষতি

News18-Assam
Updated:June 18, 2019, 10:54 AM IST
৩১ জুলাইৰ পূৰ্বে PAN–আধাৰ লিংক কৰাটো প্ৰয়োজন, নকৰিলে হ’ব আপোনাৰ ক্ষতি
PAN আৰু আধাৰ কাৰ্ড লিংক কৰাৰ ডেডলাইন হ’ল ২০১৯ৰ ৩০ ছেপ্টেম্বৰ। কিন্তু ITR ফাইল কৰাসকলে ২০১৯ৰ ৩১ জুলাইৰ পূৰ্বে PAN–আধাৰ লিংক কৰাটো প্ৰয়োজনীয়।

PAN আৰু আধাৰ কাৰ্ড লিংক কৰাৰ ডেডলাইন হ’ল ২০১৯ৰ ৩০ ছেপ্টেম্বৰ। কিন্তু ITR ফাইল কৰাসকলে ২০১৯ৰ ৩১ জুলাইৰ পূৰ্বে PAN–আধাৰ লিংক কৰাটো প্ৰয়োজনীয়।

  • Share this:
পাৰমানেণ্ট একাউণ্ট নম্বৰ (PAN) আৰু আধাৰ কাৰ্ড (Aadhaar Card)ৰ মাজত লিংক কৰাৰ ডেডলাইন হ’ল ২০১৯ৰ ৩০ ছেপ্টেম্বৰ। কিন্তু ইনকাম টেক্স ৰিটাৰ্ণ (ITR) ফাইল কৰাসকলে ২০১৯ৰ ৩১ জুলাইৰ পূৰ্বে PAN–আধাৰ লিংক কৰাটো প্ৰয়োজনীয়। কাৰণ আপুনি PAN কাৰ্ডক আধাৰৰ সৈতে লিংক নকৰোৱাকৈ ৰিটাৰ্ণ ফাইল কৰিব নোৱাৰে। অৰ্থাৎ, যিকোনো প্ৰকাৰে আপুনি ৩১ জুলাইৰ পূৰ্বে পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাব লাগিব।

IT ৰিটাৰ্ণ পূৰণ কৰিবলৈ আধাৰৰ প্ৰয়োজন
CBDTয়ে এয়াও স্পষ্ট কৰিলে যে ২০১৯ৰ ১ এপ্ৰিলৰ পৰা ইনকাম টেক্স ৰিটাৰ্ণ (ITR) দাখিল কৰাৰ সময়ত আধাৰৰ নম্বৰ উল্লেখ কৰা বা সংযুক্ত কৰাটো অনিবাৰ্য। ছুপ্ৰিম কোৰ্টে বিগত বৰ্ষৰ ছেপ্টেম্বৰত কেন্দ্ৰৰ আধাৰ যোজনাক সাংবিধানিকৰূপে বৈধ বুলি প্ৰকাশ কৰিছে। আদালতে কৈছিল যে PAN দিয়াৰ সময়ত আৰু ৰিটাৰ্ণ পূৰণ কৰাৰ সময়ত আধাৰ উল্লেখ কৰাটো বাঞ্চনীয়।

কেনেকৈ কৰিব লিংক?
SMSৰ দ্বাৰা কৰক লিংক– আয়কৰ বিভাগে SMSৰ জৰিয়তে আধাৰ আৰু পেন কাৰ্ডক লিংক কৰিবলৈ কয়। ইয়াৰ বাবে যিকোনো এজন লোকে নিজৰ ফোনেৰে ডাঙৰ আখৰত UIDPNৰ পিছত খালী স্থান এৰি নিজৰ আধাৰৰ সংখ্যা আৰু তাৰ পিছত পেন কাৰ্ডৰ নম্বৰ UIDPAN<space><12-digit Aadhaar><space><10-digit PAN> লিখি 567678 বা 56161ক SMS প্ৰেৰণ কৰিব লাগিব।



বেৱছাইটৰ জৰিয়তে লিংক কৰক– ইয়াৰোপৰি বিভাগটোৰ ই–ফাইলিং ৱেবছাইটত গৈও পেন আৰু আধাৰ কাৰ্ডৰ মাজত লিংক কৰিব পৰা যায়। সৰ্বপ্ৰথমে আয়কৰ বিভাগৰ ই–ফাইলিং ৱেবছাইট www.incometaxindiaefiling.gov.in ক্লিক কৰক। তাত বাওঁফালে থকা ৰঙা ৰঙৰ ‘লিংক আধাৰ’ত ক্লিক কৰক। যদি আপোনাৰ একাউণ্ট নাই তেন্তে ৰেজিষ্ট্ৰেচন কৰক। লগইন কৰাৰ লগে লগে পেজটো খুলি যাব। ওপৰত থকা ব্লু’ স্ত্ৰিপত প্ৰফাইল ছেটিং নিৰ্বাচন কৰক। প্ৰফাইল ছেটিঙত গৈ আপুনি আধাৰ কাৰ্ড লিংক কৰাৰ অপচন ছিলেক্ট কৰক। তাৰ পিছত ছেকচনত গৈ নিজৰ আধাৰ নম্বৰ আৰু Captcha code দিয়ক। সকলোখিনি দিয়াৰ পিছত তলত দেখা পোৱা ‘লিংক আধাৰ’ অপচন ক্লিক কৰক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি