৩১ ডিচেম্বৰৰ আগত কৰক এই কাম, অন্যথা অচল হ’ব আপোনাৰ পেন কাৰ্ড!

News18 Assam | News18-Assam
Updated:December 8, 2019, 11:17 AM IST
৩১ ডিচেম্বৰৰ আগত কৰক এই কাম, অন্যথা অচল হ’ব আপোনাৰ পেন কাৰ্ড!
কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (Central Board of Direct Taxes)ৰে জাৰি কৰিছে এই নিৰ্দেশনা।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (Central Board of Direct Taxes)ৰে জাৰি কৰিছে এই নিৰ্দেশনা।

  • Share this:
আধাৰ কাৰ্ডৰ সৈতে পেন (Permanent Account Number) কাৰ্ড সংযোগৰ দিন ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। ভাৰতৰ আয়কৰ বিভাগে এবাৰ অচল বুলি ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা।

আপোনাৰ যদি আধাৰ আৰু পেন কাৰ্ড আছে আৰু যদি আপুনি দুয়োটাকে সংযোগ কৰিছে তেন্তে চিন্তাৰ কাৰণ নাই। কিন্তু যিসকলে কৰা নাই সেইসকলে ৩১ ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব এই কাম। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (Central Board of Direct Taxes)ৰে জাৰি কৰিছে এই নিৰ্দেশনা।

ঋণ আৰু ক্ৰেডিট কাৰ্ড লোৱাৰ বাবে পেন কাৰ্ডৰ অবৈধ ব্যৱহাৰ হৈ থকা বুলি পোৱা প্ৰতিবেদনৰ ফলতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেংক একাউণ্ট, কৰ পৰিশোধ আদিৰ লগতে পৰিচয় পত্ৰ হিচাপেও পেন কাৰ্ডৰ ব্যৱহাৰ হৈ আহিছে।



ফাইনেন্সিয়েল বিলৰ মতে, ডেডলাইন শেষ হোৱাৰ পিছত লিংক নকৰা পেন কাৰ্ডসমূহ অচল বিবেচিত হ’ব। সেয়েহে ইয়াৰ পূৰ্বে আপুনি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডৰ লিংক কৰাই লোৱাটোৱে উচিত হ’ব।

কেনেকৈ কৰিব লিংক?
SMSৰ দ্বাৰা কৰক লিংক– আয়কৰ বিভাগে SMSৰ জৰিয়তে আধাৰ আৰু পেন কাৰ্ডক লিংক কৰিবলৈ কয়। ইয়াৰ বাবে যিকোনো এজন লোকে নিজৰ ফোনেৰে ডাঙৰ আখৰত UIDPNৰ পিছত খালী স্থান এৰি নিজৰ আধাৰৰ সংখ্যা আৰু তাৰ পিছত পেন কাৰ্ডৰ নম্বৰ UIDPAN<space><12-digit Aadhaar><space><10-digit PAN> লিখি 567678 বা 56161ক SMS প্ৰেৰণ কৰিব লাগিব।



বেৱছাইটৰ জৰিয়তে লিংক কৰক– ইয়াৰোপৰি বিভাগটোৰ ই–ফাইলিং ৱেবছাইটত গৈও পেন আৰু আধাৰ কাৰ্ডৰ মাজত লিংক কৰিব পৰা যায়। সৰ্বপ্ৰথমে আয়কৰ বিভাগৰ ই–ফাইলিং ৱেবছাইট www.incometaxindiaefiling.gov.in ক্লিক কৰক। তাত বাওঁফালে থকা ৰঙা ৰঙৰ ‘লিংক আধাৰ’ত ক্লিক কৰক। যদি আপোনাৰ একাউণ্ট নাই তেন্তে ৰেজিষ্ট্ৰেচন কৰক। লগইন কৰাৰ লগে লগে পেজটো খুলি যাব। ওপৰত থকা ব্লু’ স্ত্ৰিপত প্ৰফাইল ছেটিং নিৰ্বাচন কৰক। প্ৰফাইল ছেটিঙত গৈ আপুনি আধাৰ কাৰ্ড লিংক কৰাৰ অপচন ছিলেক্ট কৰক। তাৰ পিছত ছেকচনত গৈ নিজৰ আধাৰ নম্বৰ আৰু Captcha code দিয়ক। সকলোখিনি দিয়াৰ পিছত তলত দেখা পোৱা ‘লিংক আধাৰ’ অপচন ক্লিক কৰক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি