মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »PAN-Aadhaar Linking: কাউণ্টডাউন আৰম্ভ, আৰু মাত্ৰ কেইদিনমান বাকী! পেন-আধাৰ লিংক নকৰিলে মহাবিপদত পৰিব আপুনি

PAN-Aadhaar Linking: কাউণ্টডাউন আৰম্ভ, আৰু মাত্ৰ কেইদিনমান বাকী! পেন-আধাৰ লিংক নকৰিলে মহাবিপদত পৰিব আপুনি

পেন-আধাৰ লিংক

পেন-আধাৰ লিংক

PAN-Aadhaar Linking: পেন আৰু আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ।

  • Share this:
যদি আপুনি এতিয়াও আপোনাৰ পেন কাৰ্ড আধাৰ (PAN-Aadhaar Linking)ৰ সৈতে লিংক কৰা নাই, তেন্তে এই কাম অতি সোনকালে সম্পূৰ্ণ কৰক। পান আৰু আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ (PAN-Aadhaar Link Last Date)। যদি কোনোবাই এতিয়াও কাৰ্ড দুখন লিংক কৰা নাই তেন্তে তেওঁৰ পেন কাৰ্ড অবৈধ বুলি ঘোষণা কৰা হ’ব।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে জনাইছে যে যদিহে ৩১ মাৰ্চৰ ভিতৰত পান কাৰ্ডধাৰীয়ে চৰকাৰে দিয়া নিৰ্দেশনা মানি নলয় তেন্তে তেওঁলোকৰ ব্যৱসায় আৰু কৰ সম্পৰ্কীয় সুবিধাসমূহে কাম কৰা বন্ধ কৰি দিব। শেহতীয়াকৈ CBDTৰ অধ্যক্ষ নীতিন গুপ্তাই কয় যে মুঠ ৬১ কোটি PAN গ্ৰাহকৰ ভিতৰত এতিয়ালৈকে প্ৰায় ৪৮ কোটি গ্ৰাহক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ আছে। কিন্তু মাৰ্চ মাহৰ বাবে এতিয়াও সময় আছে। অনুমান কৰা হৈছে যে এই সময়লৈকে কেইবা কোটি PAN কাৰ্ড AADHAAR ৰ সৈতে সংযুক্ত হ’ব পাৰে। আৰু যদি সময়ৰ ভিতৰত লিংক কৰা নহয় তেন্তে PAN Card নিষ্ক্ৰিয় হৈ যাব।

কেনেকৈ লিংক কৰিব: এতিয়া পান কাৰ্ড আধাৰৰ লগত লিংক কৰিবলৈ আপুনি ১০০০ টকা দিব লাগিব। PAN ৰ সৈতে AADHAAR নম্বৰ লিংক কৰিবলৈ আপুনি পঞ্জীয়নভুক্ত মোবাইল নম্বৰ 567678 বা 56161 লৈ SMS প্ৰেৰণ কৰিব লাগিব। ইয়াৰ ফৰ্মেট হৈছে UIDPAN<12 digit Aadhaar card><10 digit PAN card number>। লিখি 567678 বা 56161 নম্বৰত পঠাওক। উদাহৰণস্বৰূপে, যদি আপোনাৰ আধাৰ নম্বৰ 123456789101 আৰু পেন কাৰ্ড নম্বৰ XYZCB0007T, তেন্তে আপুনি টাইপ কৰিব লাগিব: UIDPAN 123456789101XYZCB0007T

PAN-Aadhaar Link কেনেকৈ পৰীক্ষা কৰিব

আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইট www.incometaxindiaefiling.gov.in ত চাব লাগে। তাত 'Link Aadhaar Status' বিকল্পত ক্লিক কৰক। পেন আৰু আধাৰ সম্পৰ্কীয় তথ্য পূৰণ কৰিব লাগিব। ইয়াৰ পিছত 'view link aadhaar status' ত ক্লিক কৰিলে আপোনাৰ সন্মুখত এটা পপ-আপ খোল খাব, য'ত আপুনি আপোনাৰ আধাৰৰ সৈতে PAN লিংক আছে নে নাই সেই বিষয়ে তথ্য পাব।

শেহতীয়া বাতৰি