মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Aadhaar PAN Linking Update: কেৱল জৰিমনাই নহয়, ৩১ মাৰ্চৰ ভিতৰত Aadhaar-PAN লিংক নকৰিলে পৰিব এইসমূহ সমস্যাত

Aadhaar PAN Linking Update: কেৱল জৰিমনাই নহয়, ৩১ মাৰ্চৰ ভিতৰত Aadhaar-PAN লিংক নকৰিলে পৰিব এইসমূহ সমস্যাত

৩১ মাৰ্চ ২০২৩ৰ ভিতৰত Aadhaar PAN লিংক কৰিব লাগিব। এই সময়ছোৱাৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰিলে পান কাৰ্ড অচল হৈ পৰিব।

৩১ মাৰ্চ ২০২৩ৰ ভিতৰত Aadhaar PAN লিংক কৰিব লাগিব। এই সময়ছোৱাৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰিলে পান কাৰ্ড অচল হৈ পৰিব।

৩১ মাৰ্চ ২০২৩ৰ ভিতৰত Aadhaar PAN লিংক কৰিব লাগিব। এই সময়ছোৱাৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰিলে পান কাৰ্ড অচল হৈ পৰিব।

  • Share this:
আধাৰ আৰু পান কাৰ্ড বৰ্তমান ভাৰতীয় লোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। আয়কৰ বিভাগৰ ফালৰ পৰা কোৱা হৈছে, ৩১ মাৰ্চ ২০২৩ৰ ভিতৰত Aadhaar PAN লিংক কৰিব লাগিব। এই সময়ছোৱাৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰিলে পান কাৰ্ড অচল হৈ পৰিব। আৰু পান কাৰ্ড অচল হৈ পৰিলে আপোনাৰ ১০সংখ্যাৰ আলফানিউমাৰিক PAN Numberটো আৰু কোনো আৰ্থিক লেনদেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব। লগতে আকৌ ইনকাম টেক্স পেণ্ডিং ৰিটাৰ্ণবোৰ প্ৰছেছিঙো বন্ধ হৈ যাব। কেৱল সিমানেই নহয়, নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ পান লিংক নকৰিলে আপুনি ১০০০ টকা জৰিমনাও ভৰিব লাগিব পাৰে।

২০২২ চনত পান–আধাৰ লিংক কৰাৰ সময়সীমা ৩১ মাৰ্চৰ পৰিৱৰ্তে বৃদ্ধি কৰি ৩০ জুন কৰা হৈছিল। সেই সময়ত কোৱা হৈছিল, ৩০ জুনৰ ভিতৰত লিংক নকৰিলে ৫০০ টকা জৰিমনা কৰা হ’ব। কিন্তু তেতিয়া দেখা গৈছিল, এই নিৰ্দিষ্ট ডেডলাইনৰ ভিতৰত মানুহে পান কাৰ্ডৰ সৈতে আধাৰ লিংক কৰা নাছিল। যাৰ বাবে পৰৱৰ্তী সময়ত এই সময়সীমা বৃদ্ধি কৰি ৩১ মাৰ্চ, ২০২৩ কৰা হয়। এতিয়া এই সময়ৰ ভিতৰতো যদি আপুনি পান আধাৰ লিংক কৰিব নোৱাৰে, তেন্তে কি হ’ব পাপে আপোনাৰ? ১০০০ টকা জৰিমনা হোৱাৰ উপৰি আৰু কি সমস্যা হ’ব পাৰে?

PAN-Aadhaar লিংক নকৰিলে কি হ’ব?

১. Aadhaar Cardৰ সৈতে PAN Card লিংক নকৰিলে আপুনি আয়কৰ ৰিটাৰ্ণ ফাইল কৰিব নোৱাৰিব। যদি দুয়োখন নথি লিংক কৰা নাথাকে তেন্তে আয়কৰ বিভাগে আপোনাৰ ITR ৰিজেক্ট কৰিব পাৰে। ফলত আইটিআৰ ফাইলিং বাধাপ্ৰাপ্ত হোৱাৰ লগতে টেক্স ৰিফাণ্ড পোৱাত সমস্যা হ’ব।

২. আপোনাৰ পান কাৰ্ডৰ সৈতে যদি আধাৰ কাৰ্ড লিংক কৰা নাথাকে, তেন্তে আপুনি একাধিক চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল ৰাজসাহায্য পোৱা, পাছপ’ৰ্টৰ বাবে আ‍েদন কৰা আৰু বেংক একাউণ্ট খোলা। এই কাইবোৰৰ বাবে আধাৰ কাৰ্ড আৰু পান কাৰ্ড প্ৰয়োজন হয়। আৰু দুয়োখন কাৰ্ড সংযুক্ত নহ’লে আপুনি প্ৰয়োজন সেৱাসমূহ লাভ নকৰিব।

৩. আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰা নাথাকিলে আপুনি নতুন পান কাৰ্ডো নাপাব। কোনো কাৰণত যদি আপোনাৰ পান কাৰ্ডত কোনো ভুল থাকে বা আপুনি সেয়া হেৰাই পেলাইছে তেন্তে কোনো আপুনি নিশ্চয় পুনৰ পান কাৰ্ডৰ বাবে আবেদন কৰিব। কিন্তু নতুন পান কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আপোনাৰ পান আধাৰ লিংক কৰাটো বাধ্যতামূলক। অন্যথা আপুনি পান কাৰ্ড লাভ নকৰিব।

৪. পান আধাৰ লিংক নাথাকিলে, আোনাক ইনকাম টেক্স আইন অনুসৰি ১০ হাজাৰ টকাপৰ্যন্ত জৰিমনা কৰিব পাৰে। ইয়াৰ উপৰি আপুনি যদি ৩১ মাৰ্চ ২০২৩ৰ ভিতৰত পান আৰু আধাৰ লিংক নকৰে, তেন্তে পান কাৰ্ড অচল হৈ পৰিব।

শেহতীয়া বাতৰি