যদি আপুনি এতিয়াও পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰা নাই তেন্তে শীঘ্ৰে কৰি লওক। পেন–আধাৰ লিংক (PAN-Aadhaar Link) কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২২। এই কাম নকৰিলে আপুনি বেংকিং সেৱাৰ পৰা বঞ্চিত হ’ব পাৰে। ইয়াৰ উপৰি বহু কাম কৰিব নোৱাৰিব আপুনি।
৩১ মাৰ্চৰ ভিতৰত এই কাম নকৰিলে আপোনাৰ পেন কাৰ্ড ডিএক্টিভ কৰা হ’ব পাৰে। ফলত মিউচুৱেল ফাণ্ড আৰু ষ্টকত বিনিয়োগ কৰাৰ লগতে বেংকত একাউণ্ট খোলাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপুনি পেন আৰু আধাৰ লিংক কৰাৰ বাবে ১০০০ টকা ভৰিব লাগিব।
৩১ মাৰ্চৰ পিছত যদি কোনো ব্যক্তিয়ে ইনভেলিড পেন কাৰ্ড প্ৰস্তুত কৰে তেন্তে ইনকাম টেক্স এক্ট ১৯৬১ৰ ছেকচন ২৭২এনৰ আধাৰত ১০ হাজাৰ টকাৰ জৰিমনা হ’ব পাৰে। লগতে পেন কাৰ্ড অবিহনে আপুনি ডাঙৰ ধনৰাশি উলিয়াবও নোৱাৰিব। ইনভেলিড পেন কাৰ্ডৰ পৰা আপুনি প্ৰতিটো লেনদেনৰ বাবদ জৰিমনা দিব লাগিব।
যদি আপুনি পেন কাৰ্ড আধাৰৰ সৈতে লিংককৰিছে তেন্তে আপুনি ষ্টেটাছ চেক কৰিব পাৰে। ইয়াৰ বাবে আপুনি আয়কৰ বিভাগৰ অফিচিয়েল ৱেবছাইট www.incometaxindiaefiling.gov.in অৰ্থাৎ এতিয়া নতুন ৱেবছাইট https://www.incometax.gov.in/iec/foportalলৈ যাওক। তলৰ ফালে Link Aadhaarৰ বিকল্পত ক্লিক কৰক। নিজৰ ষ্টেটাছ চাবৰ বাবে হাইপাৰ লিংক Click hereত ক্লিক কৰক। ইয়াত আপোনাৰ আধাৰ আৰু পেন কাৰ্ডৰ সবিশেষ দাখিল কৰিব লাগিব। যদি আপোনাৰ পেন কাৰ্ড আধাৰৰ সৈতে লিংক আছে তেন্তে your PAN is linked to Aadhaar Number কনফাৰ্মেচন দেখুৱাব।
কেনেকৈ কৰিব পেন আৰু আধাৰ লিংক– প্ৰথমে ইনকাম টেক্সৰ ৱেবছাইটলৈ যাওক।
– আধাৰ কাৰ্ডত দিয়া নাম, পেন নম্বৰ আৰু আধাৰ নম্বৰ এণ্টাৰ কৰক।
– আধাৰ কাৰ্ডত কেৱল জন্মৰ বছৰ উল্লেখ থাকিলে স্কোৱেৰ টিক কৰক।
– এতিয়া কেপচা এণ্টাৰ কৰক।
– এতিয়া Link Aadhaar বুটাম ক্লিক কৰক।
– আপোনাৰ পেন আধাৰৰ সৈতে লিংক হৈ যাব।
এছএমএছৰ জৰিয়তে কৰিব পাৰে এই কামইয়াৰ বাবে আপোনাৰ ফোনত টাইপ কৰিব লাগিব UIDPAN আৰু ইয়াৰ পিছত ১২টা সংখ্যাৰ আধাৰ নম্বৰ লিখক তাৰ পিছত ১০টা সংখ্যাৰ পেন নম্বৰ লিখক। এই মেছেজ 567678 বা 56161লৈ প্ৰেৰণ কৰক।
ইনভেলিড পেন কেনেকৈ কৰিব সক্ৰিয়ইনভেলিড PAN কাৰ্ড অপাৰেটিভ কৰিব পৰা যায়। ইয়াৰ বাবে আপুনি এটা SMS কৰিব লাগিব। আপোনাৰ মেছেজ বক্সলৈ গৈ নিজৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰৰ পৰা ১০ সংখ্যাৰ পেন নম্বৰ এণ্টাৰ কৰাৰ পিছত স্পেচ দি ১২টা সংখ্যাৰ আধাৰ নম্বৰ এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত 567678 বা 56161 নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|