মেৰিকমলৈ আগবঢ়োৱা হ’ল পদ্মবিভূষণ, অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্মশ্ৰী সন্মান

News18 Assam | News18-Assam
Updated:January 26, 2020, 2:25 PM IST
মেৰিকমলৈ আগবঢ়োৱা হ’ল পদ্মবিভূষণ, অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্মশ্ৰী সন্মান
গণতন্ত্ৰ দিৱসৰ দিনটোতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ ১৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় পদ্ম সন্মান

গণতন্ত্ৰ দিৱসৰ দিনটোতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ ১৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় পদ্ম সন্মান

  • Share this:
আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস। গণতন্ত্ৰ দিৱসৰ দিনটোতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ ১৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় পদ্ম সন্মান।

পদ্মবিভূষণ সন্মান
বিশ্ব চেম্পিয়ন বক্সাৰ এম চি মেৰীকমলৈ।

পদ্মভূষণ সন্মান
নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ চি জমিৰলৈ।

অসমৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান


  • বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ আগ বঢ়োৱা অনন্য বৰঙনিৰ বাবে অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্মশ্ৰী সন্মান।

  • চিকিৎসা শিতানত ডা: ৰবি কুমাৰ আৰলৈ পদ্মশ্ৰী সন্মান।

  • কলাত ইন্দিৰা পি পি বৰালৈ পদ্মশ্ৰী সন্মান।

  • সাহিত্য আৰু শিক্ষাৰ শিতানত ড০ যোগেন্দ্ৰ নাথ ফুকনলৈ পদ্মশ্ৰী সন্মান।

  • সাহিত্য আৰু শিক্ষাৰ শিতানত লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী সন্মান।

আৰু চাওক
পৰৱৰ্তী বাতৰি