ওড়িশাৰ মাঝি আৰু কেনল মেনৰূপে খ্যাত আদিবাসী কৃষক দেতাৰী নায়কে পদ্মশ্ৰী সন্মান ঘূৰাই দিব বিচাৰিছে। তেওঁ ক’লে যে, জীয়াই থকাৰ তেওঁৰ সকলো পথ বন্ধ হৈ পৰিছে।
দেতাৰী নায়কে ৭০ বছৰ বয়সত গাঁৱৰ কৃষকসকলৰ পানীৰ অভাৱ পূৰণ কৰিবলৈ ৩ বছৰতে পাহাৰৰ পৰা ৩ কিলোমিটাৰ দীঘলীয়া খাল খান্দি দিছিল। তেওঁৰ এই প্ৰচেষ্টা সমগ্ৰ দেশতে চৰ্চিত বিষয় হৈ পৰিছিল। লগতে চৰকাৰে এই কামৰ বাবে তেওঁক পদ্মশ্ৰী সন্মানো আগবঢ়াইছিল। ওড়িশাৰ মাঝি আৰু কেনল মেনৰূপে খ্যাত দেতাৰী নায়কে ইমানখিনি কৰাৰ পিছতো দাৰিদ্ৰতাৰ জীৱন কটাব বাধ্য হৈছে। দেতাৰী নায়কে ক’লে যে দেশৰ চতুৰ্থ সৰ্বোচ্চ নাগৰিক সন্মান লাভ কৰাৰ পিছত তেওঁক সকলোৱে সন্মান কৰিছিল যদিও কোনোৱে তেওঁক কামৰ প্ৰস্তাৱ দিয়া নাছিল।
বৰ্তমান দেতাৰী নায়কৰ পৰিয়ালে যথেষ্ট বেয়া পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হৈছে। আৰ্থিক অনাটনৰে যুঁজি থকা পৰিয়ালটোৱে এতিয়া পৰুৱাৰ কণী খায়ে জীৱন কটাবলগীয়া হৈছে। এই কাৰণতে তেওঁ এৱাৰ্ড ঘূৰাই দিবলৈ বিচাৰিছে।
ওড়িশাৰ টিভি এক প্ৰতিবেদন অনুসৰি যিটো খাল খান্দি পদ্মশ্ৰী সন্মান লাভ কৰিছিল, সেইটো পকী কৰিবলৈ তেওঁ বিগত এবছৰ ধৰি প্ৰশাসনক অনুৰোধ জনাই আছে। কিন্তু বৰ্তমানলৈও তেওঁৰ এই আবেদনৰ কোনোধৰণৰ শুনানি হোৱা নাই। দেতাৰীয়ে ক’লে যে ৰোগত যুঁজি থকাৰ সময়তে চিকিৎসা কৰাবলৈ ৫–৭ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগিছিল, কাৰণ তেওঁলোকৰ গাঁৱত এখনো হাস্পতাল নাছিল। এটা পকী পথো নাই। কেৱল এয়াই নহয় তেওঁলোকৰ গাঁৱত খাবলৈ পানীখিনিও নায়। তেওঁ ক’লে যে আমাৰ সমস্যা, সমস্যাই হৈ থাকিল। যাৰ বাবে মই পদ্মশ্ৰী সন্মান ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
Published by: Dulu Medhi
FIRST PUBLISHED : June 25, 2019, 18:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।