মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু ((PV Sindhu)য়ে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) ছেমিফাইনেলত প্ৰৱেশ কৰিছে। (AP)
P V Sindhu Wins Bronze in Tokyo Olympics : অলিম্পিকত ইতিহাস ৰচিলে পি ভি সিন্ধুৱে, জয় কৰিলে ব্ৰঞ্জৰ পদক। মিৰাবাই চানুৰ পিছত টকিঅ' অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক অৰ্জন।
টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস ৰচিলে ভাৰত শ্বাটলাৰ পি ভি সিন্ধুৱে (P. V. Sindhu)।
আজি ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত দুটা মেডেল লাভ কৰা প্ৰথম ভাৰতীয় মহিলা ক্ৰীড়াবিদ হ'ল পুছাৰলা ভেংকট সিন্ধু।
সিন্ধুৱে তৃতীয় স্থানৰ খেলত চীনৰ হে বিংজিয়াওক ২১-১৩, ২১-১৫ ছেটত পৰাস্ত কৰে।
একেৰাহে দুখন অলিম্পিকত পদক জয় কৰি অভিলেখ গঢ়িলে তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে। ২০১৬ চনত ৰিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল সিন্ধুৱে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|