মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Tokyo Olympics: ছাইনাই মোক অভিনন্দন জনোৱা নাই, আমি বেছি কথা নাপাতোঁ- পি ভি সিন্ধু

Tokyo Olympics: ছাইনাই মোক অভিনন্দন জনোৱা নাই, আমি বেছি কথা নাপাতোঁ- পি ভি সিন্ধু

News18 Assam | News18-Assam
Updated:August 2, 2021, 8:57 PM IST
Tokyo Olympics: ছাইনাই মোক অভিনন্দন জনোৱা নাই, আমি বেছি কথা নাপাতোঁ- পি ভি সিন্ধু
দেওবাৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছতে অলিম্পিকত ব্যক্তিগত শাখাত দুটা পদক জয় কৰা দ্বিতীয় ভাৰতীয় আৰু প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

দেওবাৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছতে অলিম্পিকত ব্যক্তিগত শাখাত দুটা পদক জয় কৰা দ্বিতীয় ভাৰতীয় আৰু প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

  • Share this:
অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু (PV Sindhu)ক অভিনন্দন জনোৱা নাই ছিনিয়ৰ শ্বাটলাৰ ছাইনা নেহৱালে। সোমবাৰে এই মন্তব্য কৰে পি ভি সিন্ধুৱে। অৱশ্যে ৰাষ্ট্ৰীয় মুখ্য প্ৰশিক্ষক গোপীচান্দে তেওঁক অভিনন্দন জনাইছে বুলি কয় সিন্ধুৱে। বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে দেওবাৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছতে অলিম্পিকত ব্যক্তিগত শাখাত দুটা পদক জয় কৰা দ্বিতীয় ভাৰতীয় আৰু প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সিন্ধুৱে ২০১৬ত ৰিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল।

নিউজ এজেন্সী পিটিআইৰ বাতৰি মতে সিন্ধুক যেতিয়া সোধা হৈছিল যে ছাৰ গোপীচান্দ আৰু ছাইনা নোহৱালে তেওঁক অভিনন্দন জনালেনে? তেতিয়া সিন্ধুৱে কৈছিল, নিশ্চয়, "গোপীচান্দ ছাৰে মোক অভিনন্দন জনাইছে, মই এতিয়ালৈ ছচিয়েল মিডিয়া চোৱা নাই, মই লাহে-ধীৰে সকলোকে উত্তৰ দি আছোঁ।" তাৰ পিছত সিন্ধুৱে ক'লে, "গোপী ছাৰে শুভেচ্ছা জনাইছে, ছাইনাই জনোৱা নাই, আমি বেছি কথা নাপাতোঁ।"

যোৱা বছৰ কোভিড ১৯ৰ (Covid 19) সময়ত সিন্ধুৱে প্ৰশিক্ষণৰ কাৰণে ৩ মাহৰ বাবে লণ্ডনলৈ গৈছিল আৰু তাৰ পিছৰ পৰাই গোপীচান্দৰ সৈতে সিন্ধুৰ মতভেদ হৈছিলভাৰতলৈ ঘূৰি অহাৰ পিছতো সিন্ধুৱে গোপীচান্দ একাডেমীলৈ উভতি যোৱাৰ পৰিৱৰ্তে পাৰ্ক টেই ছাঙৰ অধীনত প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লয়। কিন্তু গোপীচান্দৰ সৈতে মতভেদৰ কথা কেতিয়াও কোৱা নাই সিন্ধুৱে।

উল্লেখ্য যে ভাৰতৰ হৈ বেডমিণ্টনত প্ৰথম পদকটো ছাইনা নেহৱালেই জয় কৰিছিল। ২০১২ চনত লণ্ডন অলিম্পিকত ছাইনা নেহৱালে বেডমিণ্টনত ভাৰতক প্ৰথমটো অলিম্পিক মেডেল উপহাৰ দিছিল। তাৰ পিছত ২০১৬ত সিন্ধুৱে ৰূপৰ পদক জয় কৰিছিল আৰু এইবাৰ সিন্ধুৱে জয় কৰিলে ব্ৰঞ্জৰ পদক। ছাইনা নেহৱালে এইবাৰ অলিম্পিকলৈ কোৱালিফাই কৰিব নোৱাৰিলে।
Published by: Manjumoni Borah
First published: August 2, 2021, 8:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি