মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Tokyo Paralympics: পেৰা অলিম্পিকত নিষাদ কুমাৰে লাভ কৰিলে ৰূপৰ পদক, ভাৰতৰ দ্বিতীয়টো পদক

Tokyo Paralympics: পেৰা অলিম্পিকত নিষাদ কুমাৰে লাভ কৰিলে ৰূপৰ পদক, ভাৰতৰ দ্বিতীয়টো পদক

News18 Assam | News18-Assam
Updated:August 29, 2021, 6:48 PM IST
Tokyo Paralympics: পেৰা অলিম্পিকত নিষাদ কুমাৰে লাভ কৰিলে ৰূপৰ পদক, ভাৰতৰ দ্বিতীয়টো পদক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু পেৰা অলিম্পিক সমিতিৰ মুৰব্বী দীপা মালিকে নিষাদক এই সুন্দৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু পেৰা অলিম্পিক সমিতিৰ মুৰব্বী দীপা মালিকে নিষাদক এই সুন্দৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে।

  • Share this:
ভাৰতৰ নিষাদ কুমাৰে (Nishad Kumar) টকিঅ’ত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত (Tokyo Paralympics) ৰূপৰ পদক লাভ কৰিছে। তেওঁ পুৰুষৰ হাই জাম্পৰ T-47 ইভেণ্টত দেশলৈ গৌৰৱ কঢ়িয়াই ৰূপৰ পদক অৰ্জন কৰে। নিষাদে এই ইভেণ্টৰ ফাইনেলত ২.০৬ মিটাৰ উচ্চতা জঁপিয়াই এই সফলতা অৰ্জন কৰে।

এই ইভেণ্টৰ ফাইনেলত ভাৰতৰ আনজন পেৰা অলিম্পিক এথলীট ৰামপাল চাহৰে পঞ্চম স্থানত থাকে। অৱশ্যে তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰে আৰু ১.৯৪ মিটাৰ জঁপিয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু পেৰা অলিম্পিক সমিতিৰ মুৰব্বী দীপা মালিকে নিষাদক এই সুন্দৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি লিখিছে, ‘টকিঅ’ৰ পৰা আৰু এটা ভাল খবৰ আহিছে। নিষাদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T-47ত ৰূপৰ পদক লাভ কৰিছে, যাক লৈ অত্যন্ত সুখী। তেওঁ উৎকৃষ্ট কৌশল আৰু কষ্টৰ বলত এক সফল এথলীত হৈছে, তেওঁলৈ বহুত শুভেচ্ছা।’
Published by: Sanjay Kumar Das
First published: August 29, 2021, 6:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি