মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Tokyo Paralympics 2020 : টকিঅ’ পেৰা অলিম্পিকত ভাৱিনা পেটেলৰ ৰূপৰ পদক, ভাৰতৰ হৈ প্ৰথমটো পদক জিকিলে ভাৱিনাই

Tokyo Paralympics 2020 : টকিঅ’ পেৰা অলিম্পিকত ভাৱিনা পেটেলৰ ৰূপৰ পদক, ভাৰতৰ হৈ প্ৰথমটো পদক জিকিলে ভাৱিনাই

News18 Assam | News18-Assam
Updated:August 29, 2021, 9:36 AM IST
Tokyo Paralympics 2020 : টকিঅ’ পেৰা অলিম্পিকত ভাৱিনা পেটেলৰ ৰূপৰ পদক, ভাৰতৰ হৈ প্ৰথমটো পদক জিকিলে ভাৱিনাই
ছেমি ফাইনেলত ভাৱিনাই বিশ্বৰ তৃতীয় স্থানৰ চীনা খেলুৱৈক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

ছেমি ফাইনেলত ভাৱিনাই বিশ্বৰ তৃতীয় স্থানৰ চীনা খেলুৱৈক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

  • Share this:
ভাৰতীয় টেবুল টেনিছ খেলুৱৈ ভাৱিনা পেটেলে (bhavina patel) টকিঅ’ পেৰা অলিম্পিকত স্বৰ্ণপদক লাভত ব্যৰ্থ হয়। অ’মেনছ ছিংগল ক্লাছ ৪ৰ ফাইনেলত চীনৰ খেলুৱৈ ঝাউ য়িঙৰ হাতত ভাৱিনা ১১–৭, ১১–৫, ১১–৬ৰ ব্যৱধানত পৰাজিত হ’বলগীয়া হয়। ভাৱিনাই দেশক উপহাৰ দিলে ৰূপৰ পদক।

টকিঅ’ পেৰা অলিম্পিকতো (Tokyo Paralympics 2020) টকিঅ’ অলিম্পিকৰ দৰেই ৰূপৰ পদকৰ সৈতে পদক তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে ভাৰতে। টকিঅ’ অলিম্পিকত ভাৰোত্তোলনত মীৰাবাই চানুৱে ৰূপৰ পদকেৰে ভাৰতৰ নাম পদক তালিকাত অন্তৰ্ভুক্ত কৰিছিল।

ভাৱিনা পেটেল পেৰা অলিম্পিকৰ খেলৰ ইতিহাসত ভাৰতৰ বাবে পদক জিকা দ্বিতীয়গৰাকী মহিলা। ইয়াৰ পূৰ্বে দীপা মালিকে এই খেলত পদক লাভ কৰিছিল। দীপা মালিকে ২০১৬ চনত ৰিঅ’ পেৰা অলিম্পিকত জিকিছিল ৰূপৰ পদক।

উল্লেখযোগ্য যে ছেমি ফাইনেলত ভাৱিনাই বিশ্বৰ তৃতীয় স্থানৰ চীনা খেলুৱৈক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ভাৱিনাই ছেমি ফাইনেলত ৭–১১, ১১–৭, ১১–৪, ৯–১১, ১১–৮ৰ ব্যৱধানত জয়লাভ কৰিছিল।
Published by: Sanjay Kumar Das
First published: August 29, 2021, 9:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি