உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Tokyo Olympics: অলিম্পিক পদকৰ বাবে ৯ বছৰ ধৰি ছুটী লোৱা নাছিল লাভলীনাই, এতিয়া হিয়া উজাৰি কৰিব আনন্দ

    Tokyo Olympics: অলিম্পিক পদকৰ বাবে ৯ বছৰ ধৰি ছুটী লোৱা নাছিল লাভলীনাই, এতিয়া হিয়া উজাৰি কৰিব আনন্দ

    ২৩ বছৰীয়া লাভলীনাই ছেমি ফাইনেলত বিশ্ব চেম্পিয়ন তুৰ্কীৰ বুছেনাজ ছুৰমেনেলীৰ হাতত ৫–০ৰ ব্যৱধানত পৰাস্ত হয়।

    ২৩ বছৰীয়া লাভলীনাই ছেমি ফাইনেলত বিশ্ব চেম্পিয়ন তুৰ্কীৰ বুছেনাজ ছুৰমেনেলীৰ হাতত ৫–০ৰ ব্যৱধানত পৰাস্ত হয়।

    ২৩ বছৰীয়া লাভলীনাই ছেমি ফাইনেলত বিশ্ব চেম্পিয়ন তুৰ্কীৰ বুছেনাজ ছুৰমেনেলীৰ হাতত ৫–০ৰ ব্যৱধানত পৰাস্ত হয়।

    • Share this:
    লাভলীনা বৰগোহাঁইৰ (Lovlina Borgohain) টকিঅ’ অলিম্পিকত স্বৰ্ণপদকৰ সপোন পূৰণ নহ’ল যদিও ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। বুধবাৰে লাভলীনাই কয় যে বিগত ৮ বছৰ ধৰি বলিদানৰ এয়া ডাঙৰ ফল। এতিয়া ২০১২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ছুটী লৈ এই আনন্দ পালন কৰিব লাভলীনাই। ২৩ বছৰীয়া লাভলীনাই ছেমি ফাইনেলত বিশ্ব চেম্পিয়ন তুৰ্কীৰ বুছেনাজ ছুৰমেনেলীৰ হাতত ৫–০ৰ ব্যৱধানত পৰাস্ত হয়।

    লাভলীনাই খেলৰ পিছত কয় যে ভাল সিমান লগা নাই। মই স্বৰ্ণপদকৰ বাবে কষ্ট কৰিছিলো, সেয়ে এয়া নিৰাশাজনক। তেওঁ কয় যে মই মোৰ ৰণনীতি সফল কৰিব নোৱাৰিলো। তেওঁ খুব শক্তিশালী আছিল। মই ভাবিছিলো বেকফুটত খেলিলে আঘাত পাম, সেয়ে মই আক্ৰামক হৈছিলো। কিন্তু ইয়াৰ পৰা লাভ নহ’ল। মই বিপক্ষৰ বক্সাৰৰ আত্মবিশ্বাসত প্ৰহাৰ কৰিব বিচাৰিছিলো, কিন্তু সেয়া নহ’ল।

    বিজেন্দ্ৰ সিং (২০০৮) আৰু এম চি মেৰীকম (২০১২)ৰ পিছত অলিম্পিকত পদক লাভ কৰা  তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল লাভলীনা। লাভলীনাই কয় যে মই সদায় অলিম্পিকত পদক জিকাৰ সপোন দেখিছিলো। মই আনন্দিত যে পদক পাইছো, কিন্তু ইয়াত অধিক পাব পাৰিলোহেঁতেন।  তেওঁ কয় যে মই এই পদকৰ বাবে ৮ বছৰ কষ্ট কৰিছো। মই ঘৰৰ পৰা দূৰত আছিলো, পৰিয়ালৰ পৰা দূৰত আছিলো, মনে বিচৰা খাদ্য খোৱা নাছিলো। কিন্তু মই নাভাৱো যে কোনোৱে এনেকুৱা কৰিব লাগে। মই ভাবিছিলো যে অলপমান ভুল কৰিলেই খেলত প্ৰভাৱ পৰিব।

    ৯ বছৰ পূৰ্বে বক্সিঙত কেৰিয়াৰ আৰম্ভ কৰা লাভলীনাই দুবাৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁৰ বাবে অলিম্পিকৰ প্ৰস্তুতি সহজ নাছিল। কিয়নো কোৰোণাৰ সংক্ৰমণৰ বাবে তেওঁ প্ৰেক্টিচৰ বাবে ইউৰোপলৈ যাব পৰা নাছিল। ইয়াৰ উপৰি মাতৃৰ স্বাস্থ্য বেয়া আছিল আৰু বিগত বৰ্ষত কিডনী ট্ৰান্সপ্লাণ্ট কৰা হৈছিল যেতিয়া লাভলীনা দিল্লীত ৰাষ্ট্ৰীয় শিবিৰত আছিল।

    লাভলীনাই কয় যে মই এক মাহ বা তাতকৈ অধিক ছুটী ল’ম। মই বক্সিং কৰাৰ পিছৰে পৰা কেতিয়াও ছুটী লোৱা নাই। এতিয়া নিশ্চিত হোৱা নাই ক’লৈ যাম, কিন্তু মই ছুটী ল’ম। এই পদকে অসমৰ গোলাঘাটৰ তেওঁৰ গাঁওখনৰো জীৱন সলনি কৰিব। কিয়নো এতিয়া বাৰমুখিয়া গাঁৱলৈ পকী পথ নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ বিষয়ে লাভলীনাই কয় যে মোৰ ভাল লাগিছে যে ৰাস্তা বনাই আছে। যেতিয়া ঘৰলৈ উভতিম ভাল লাগিব।
    লাভলীনাই কয় যে মোৰ ভিতৰত আত্মবিশ্বাস কম আছিল, কিন্তু এতিয়া নাই। এতিয়া মই কালৈকো ভয় নকৰো। মই এই পদক নিজৰ দেশৰ নামত কৰিছো যিসকে মোৰ বাবে দোৱা কৰিছে। তেওঁ ৰাষ্ট্ৰীয় সহায়ক প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰো প্ৰশংসা কৰে।
    Published by:Sanjay Kumar Das
    First published: