ইয়াৰ পূৰ্বে ভাৰতৰ এইগৰাকী তাৰকা খেলুৱৈয়ে কিৰ্গিস্তানৰ অৰনাজৰ আকমাতালিভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
ইয়াৰ পূৰ্বে ভাৰতৰ এইগৰাকী তাৰকা খেলুৱৈয়ে কিৰ্গিস্তানৰ অৰনাজৰ আকমাতালিভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
মল্লযোদ্ধা বজৰংগ পুনিয়া (bajrang punia)ই ৬৫ কিলগ্ৰাম শাখাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। টকিঅ’ অলিম্পিকত ভাৰতৰ আটাইতকৈ ডাঙৰ আশা বজংৰ পুনিয়াই কোৱাৰ্টাৰ ফাইনেলত ইৰানৰ মোৰ্তেজা চেকাক পৰাস্ত কৰে। প্ৰথম ৰাউণ্ডত বজৰংগ পুনিয়া ০–১ত পিছ পৰি আছিল। দ্বিতীয় ৰাউণ্ডত পুনিয়া দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি ছেমি ফাইনেলৰ পথ মোকলাই লয় পুনিয়াই।
সমগ্ৰ দেশে এতিয়া বজৰংগ পুনিয়াৰ পৰা আশা কৰিছে স্বৰ্ণপদক। ছেমি ফাইনেলত এতিয়া পুনিয়া মুখামুখি হ’ব ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ মেডেল বিজেতা আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন হাজী অলীজেবৰ। বজংগই ২ বছৰ পূৰ্বে প্ৰ’ ৰেষ্টলিং লীগত অলীজেবক পৰাস্ত কৰিছিল।
ইয়াৰ পূৰ্বে ভাৰতৰ এইগৰাকী তাৰকা খেলুৱৈয়ে কিৰ্গিস্তানৰ অৰনাজৰ আকমাতালিভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|