• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Mirabai Chanu : অলিম্পিকৰ পদক লৈ স্বদেশত উপস্থিত হ’ল মীৰাবাই চানু, বিমানবন্দৰত ‘ভাৰত মাতা কী জয়’ ধ্বনি, চাওক ভিডিঅ’

Mirabai Chanu : অলিম্পিকৰ পদক লৈ স্বদেশত উপস্থিত হ’ল মীৰাবাই চানু, বিমানবন্দৰত ‘ভাৰত মাতা কী জয়’ ধ্বনি, চাওক ভিডিঅ’

ইয়াৰ মাজতে খবৰ আহিছে যে মণিপুৰৰ খেলুৱৈগৰাকীৰ পদক সলনি হ’ব পাৰে। যদি এয়া হয় তেন্তে ভাৰতীয় খেলুৱৈৰ বাবে এয়া হ’ব এক অনন্য অনুভৱ হ’ব।

ইয়াৰ মাজতে খবৰ আহিছে যে মণিপুৰৰ খেলুৱৈগৰাকীৰ পদক সলনি হ’ব পাৰে। যদি এয়া হয় তেন্তে ভাৰতীয় খেলুৱৈৰ বাবে এয়া হ’ব এক অনন্য অনুভৱ হ’ব।

ইয়াৰ মাজতে খবৰ আহিছে যে মণিপুৰৰ খেলুৱৈগৰাকীৰ পদক সলনি হ’ব পাৰে। যদি এয়া হয় তেন্তে ভাৰতীয় খেলুৱৈৰ বাবে এয়া হ’ব এক অনন্য অনুভৱ হ’ব।

  • Share this:
টকিঅ’ অলিম্পিক (Tokyo Olympics)ত ৰূপৰ পদক জয়েৰে ইতিহাস ৰচা ভাৰোত্তোলক মীৰাবাই চানু (Mirabai Chanu) সোমবাৰে স্বদেশত উপস্থিত হয়। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় মীৰাবাই চানুক। বিমানবন্দৰত উপস্থিত লোকসকলে ‘ভাৰত মাতা কী জয়’ ধ্বনি দিয়ে মীৰাবাই উপস্থিত হোৱাৰ সময়ত। ইয়াৰ উপৰি বিষয়া আৰু কৰ্মচাৰীসকলে থিয় হৈ হাতচাপৰি বজাই আদৰণি জনায় খেলুৱৈগৰাকীক। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলায় মীৰাবাই চানু।

তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে ইতিহাস সৃষ্টি কৰি টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছে। তেওঁ ভাৰোত্তোলনত ভাৰতক প্ৰথমটো ৰূপৰ পদক দিয়াৰ লগতে টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও শুভেচ্ছা জনাইছে মীৰাবাই চানুক।

ইয়াৰ মাজতে খবৰ আহিছে যে মণিপুৰৰ খেলুৱৈগৰাকীৰ পদক সলনি হ’ব পাৰে। যদি এয়া হয় তেন্তে ভাৰতীয় খেলুৱৈৰ বাবে এয়া হ’ব এক অনন্য অনুভৱ হ’ব। স্বৰ্ণপদক দখল কৰা চীনৰ ভাৰোত্তোলক হোউ জিহুইৰ ড’প টেষ্ট হ’ব। যদিও সেই টেষ্টত বিফল হয় তেন্তে মীৰাবাই চানুৱে ৰূপৰ সলনি পাব পাৰে স্বৰ্ণপদক।
Published by:Sanjay Kumar Das
First published: