உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Netbanking Tip: ভুল একাউণ্টলৈ টকা পঠিয়াই দিলে নেকি? ঘূৰাই পাব কিদৰে? জানি লওক...

    Netbanking Tip: ভুল একাউণ্টলৈ টকা পঠিয়াই দিলে নেকি? ঘূৰাই পাব কিদৰে? জানি লওক...

    কেতিয়াবা যদি ভুলবশতঃ অন্য একাউণ্টলৈ টকা ট্ৰেন্সফাৰ কৰি দিয়ে, তেন্তে সেয়া ঘূৰাই পোৱাৰো উপায় আছে।

    কেতিয়াবা যদি ভুলবশতঃ অন্য একাউণ্টলৈ টকা ট্ৰেন্সফাৰ কৰি দিয়ে, তেন্তে সেয়া ঘূৰাই পোৱাৰো উপায় আছে।

    কেতিয়াবা যদি ভুলবশতঃ অন্য একাউণ্টলৈ টকা ট্ৰেন্সফাৰ কৰি দিয়ে, তেন্তে সেয়া ঘূৰাই পোৱাৰো উপায় আছে।

    • Share this:
    অনলাইনৰ মাধ্যমেৰে টকা ট্ৰেন্সফাৰ বৰ্তমান সময়ত বহুলোকে কৰে। কোৰোণা মহামাৰীৰ পিছৰ পৰা বিশেষকৈ নেটবেংকিঙৰ জৰিয়তে টকা ট্ৰান্সফাৰ কৰা প্ৰক্ৰিয়া অধিক সহজলভ্য হৈ পৰিছে। সাম্প্ৰতিক সময়ত ডিজিটেল ৱালেট, NEFT/RTGS, UPI, Google pay, BHIM App আৰু অন্যান্য সেৱাৰ জৰিয়তে ধন লেনদেন (Digital transaction) সহজে কৰা হয়।

    কিন্তু এই ক্ষেত্ৰত কিছু চিন্তাও নথকা নহয়। কেতিয়াবা ভুলবশতঃ অন্য একাউণ্টলৈ টকা ট্ৰান্সফাৰ হৈ যাব পাৰে। কিন্তু সেই টকা পুনৰ উভতাই পোৱাও সম্ভৱ। জানি লওক সেই উপায়ঃ

    • যদি আপুনি ভুলবশতঃ আন এজন ব্যক্তিৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিছে, প্ৰথমে ফোন বা ই-মেইলযোগে আপোনাৰ বেংকক জনাব লাগিব। শাখা প্ৰৱন্ধকক যিমান সম্ভৱ সোনকালে জনোৱা ভাল।

    • এই সমস্যা আপোনাৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰা বেংকেহে সমাধান কৰিব পাৰিব। বিৱৰণত বিগত লেনদেনবোৰৰ বিষয়ে আপোনাৰ বেংকক তথ্য দিব লাগিব।

    • ভুলবশতঃ স্থানান্তৰ কৰা পৰিমাণৰ বেছিভাগ ক্ষেত্ৰত, প্ৰাপ্তকৰ্তাই টকা ঘূৰাই দিবলৈ ইচ্ছুক, কিন্তু যদি তেওঁ টকা ঘূৰাই দিবলৈ অস্বীকাৰ কৰে, আপুনি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে। আপোনাৰ হৈ এনে ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱাৰ অধিকাৰো আছে। আপুনি বেঙ্কৰ ওচৰত অভিযোগ দাখিল কৰি আইনী ব্যৱস্থা ল'ব পাৰে। আৰবিআইয়ে নিৰ্দেশ দিছে যে যদি ধনখিনি দুৰ্ঘটনাক্ৰমে আন কাৰোবাৰ একাউণ্টত জমা কৰা হয় তেন্তে আপোনাৰ বেঙ্কে যিমান সম্ভৱ সোনকালে পদক্ষেপ ল'ব লাগিব। বেঙ্কে ভুল একাউণ্টৰ পৰা সঠিক একাউণ্টলৈ টকা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

    • যদি আপুনি টকা স্থানান্তৰ কৰা বেঙ্ক একাউণ্টটো ভুল বা আইএফএছচি কোড ভুল হয়, তেন্তে টকা স্বয়ংক্ৰিয়ভাৱে আপোনাৰ একাউণ্টলৈ আহিব, কিন্তু যদি নহয়, আপোনাৰ বেঙ্ক শাখালৈ যাওক আৰু শাখা মেনেজাৰক লগ ধৰক। এই ভুল লেনদেনৰ বিষয়ে তেওঁক কওক। টকাখিনি কোনটো বেংক একাউণ্টলৈ গৈছে জানিবলৈ চেষ্টা কৰক। যদি ভুলবশতঃ আন বেঙ্কৰ একাউণ্টলৈ টকা স্থানান্তৰ কৰা হয়, ঘূৰাই দিবলৈ অধিক সময় লাগিব পাৰে। আপুনি সেই শাখাৰ সৈতে কথা পাতি পৰিমাণটো উলিয়াব পাৰে।

    Published by:Himangshu Bhuyan
    First published: