পূজাৰ বতৰত Honda-ই দিছে বাম্পাৰ অ’ফাৰ, টু-হুইলাৰত ১১ হাজাৰ টকা পৰ্যন্ত সস্তা

News18 Assam | News18-Assam
Updated:October 22, 2020, 4:56 PM IST
পূজাৰ বতৰত Honda-ই দিছে বাম্পাৰ অ’ফাৰ, টু-হুইলাৰত ১১ হাজাৰ টকা পৰ্যন্ত সস্তা
পূজাৰ বতৰত বহুকেইটা গাড়ী নিৰ্মাণ সংস্থাই দিছে বাম্পাৰ অ’ফাৰ

পূজাৰ বতৰত বহুকেইটা গাড়ী নিৰ্মাণ সংস্থাই দিছে বাম্পাৰ অ’ফাৰ

  • Share this:
আৰম্ভ হ’ল পূজাৰ বতৰ। এইবাৰ যদিও নাই আগৰ দৰে পূজাৰ উচাহ, তাৰ মাজতো সকলোতে দেৱী দুৰ্গাক আদৰিবলৈ চলাইছে  প্ৰস্তুতি। পূজাৰ বতৰত বহুকেইটা গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানে আগবঢ়াইছে বিভিন্ন অ’ফাৰ। পিছ পৰি থকা নাই Honda টু-হুইলাৰ ইণ্ডিয়াও। এইবাৰ দুচকীয়া Honda Super 6 অ’ফাৰ ঘোষণা কৰিলে প্ৰতিষ্ঠানটোৱে। যাৰ ফলত ১১ হাজাৰ টকা পৰ্যন্ত ৰেহাই দিছে জাপানৰ এই অ’টোমেকাৰ সংস্থাই।

এইবাৰ Hondaৰ গ্ৰাহকৰ বাবে আছে ১০০ শতাংশ ফিনান্সৰ সুবিধা। আনকি সুতৰ হাৰো একেবাৰে কম। যি আৰম্ভ হৈছে ৭.৯৯ শতাংশৰ পৰা। ইয়াৰ লগতে প্ৰথম তিনিমাহৰ বাবে EMIত থাকিব ৫০ শতাংশ ৰেহাই। এই ক্ষেত্ৰত Hondaৰ একাধিক ফিনান্স পাৰ্টনাৰ, IDFC ফাৰ্ষ্ট বেংক, L&T ফিনান্সিয়েল চাৰ্ভিচ, ইণ্ডাছলেণ্ড বেংক, মুথুট কেপিটেল, চোলমণ্ডলম ফিনান্স, টাটা কেপিটেল টু হুইলাৰ লোনৰ পৰা ফিনান্সৰ সুবিধা লাভ কৰিব পাৰিব গ্ৰাহকে।

ক্ৰেডিট বা ডেবিট কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিলে ৫ শতাংশ ৰেহাই পাব। যাৰ পৰিমাণ প্ৰায় ৫ হাজাৰ টকা পৰ্যন্ত। এই অফাৰে EMIত কেচবেকৰ সুবিধা দিছে। পাঁচটা বেংকৰ ক্ৰেডিট কাৰ্ড EMIত এই স্কীমৰ বাবে উপলব্ধ। সেই বেংক কেইটা হৈছে ICICI বেংক, বেংক অৱ বৰোদা, য়েছ বেংক, ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড আৰু ফেডাৰেল বেংক।

Honda জয় ক্লাবৰ এনৰোলিঙৰ মাধ্যমেৰে গ্ৰাহকে একাধিক ৰেহাই লাভ কৰিব পাৰিব। আছে আকৰ্ষণীয় অ’ফাৰ। এই ক্ষেত্ৰত Honda জয় ক্লাবৰ সদস্য হ’লে থাকিব Mobokwikৰ ২০০ টকাৰ কেচবেংক, ৩৪০ হোণ্ডা কাৰেন্সি আৰু ১ লাখ টকা পৰ্যন্ত পাৰ্চনেল অক্সিডেণ্ট ইনচিওৰেঞ্চ।
Published by: Himangshu Bhuyan
First published: October 22, 2020, 4:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading