• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tokyo Olympics 2020: জেভলিন থ্ৰ’ত চমক দিলে নীৰজ চোপ্ৰাই! ৮৬.৬৫ মিটাৰ দলিয়াই প্ৰথম প্ৰয়াসতে ফাইনেলত প্ৰৱেশ

Tokyo Olympics 2020: জেভলিন থ্ৰ’ত চমক দিলে নীৰজ চোপ্ৰাই! ৮৬.৬৫ মিটাৰ দলিয়াই প্ৰথম প্ৰয়াসতে ফাইনেলত প্ৰৱেশ

জেভলিন থ্ৰ’ৰ ফাইনেল হ’ব ৭ আগষ্টত। নীৰজৰ পৰা সেইদিনা পদকৰ আশা কৰিব ভাৰতে।

জেভলিন থ্ৰ’ৰ ফাইনেল হ’ব ৭ আগষ্টত। নীৰজৰ পৰা সেইদিনা পদকৰ আশা কৰিব ভাৰতে।

জেভলিন থ্ৰ’ৰ ফাইনেল হ’ব ৭ আগষ্টত। নীৰজৰ পৰা সেইদিনা পদকৰ আশা কৰিব ভাৰতে।

  • Share this:
অলিম্পিকৰ এথলেটিকছত জেভলিন থ্ৰ’ত চমক দিলে ভাৰতৰ নীৰজ চোপ্ৰাই। টকিঅ’ত জেভলিন থ্ৰ’ৰ যোগ্যতা অৰ্জনকাৰী খেলত প্ৰথমবাৰতে ৮৬.৬৫ মিটাৰ দলিয়াবলৈ সক্ষম হয় নীৰজে। ফলত পোনে পোনে ফাইনেলত খেলাৰ যোগ্যতা অৰ্জন কৰে নীৰজে। কাৰণ কোৱালিফাই কৰাৰ বাবে প্ৰয়োজন আছিল ৮৩.৫ মিটাৰ। নীৰজে তাতকৈ অধিক দূৰত্বলৈ দলিয়ালে জেভলিন।

জেভলিন থ্ৰ’ৰ ফাইনেল হ’ব ৭ আগষ্টত। নীৰজৰ পৰা সেইদিনা পদকৰ আশা কৰিব ভাৰতে। প্ৰথম ভাৰতীয় হিচাপে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰিলে নীৰজে। ইয়াৰ পূৰ্বে এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছত স্বৰ্ণজয় কৰিছে খেলুৱৈগৰাকীয়ে। এইবাৰ অলিম্পিকত দেশলৈ গৌৰৱ কঢ়িয়াব বুলি আশাবাদী সকলো ভাৰতীয়।

নীৰজ চোপ্ৰাই ফাইনেললৈ কোৱালিফাই কৰাৰ পিছত নিজৰ বাকী দুটা থ্ৰ’ নকৰাৰ সিদ্ধান্ত লয়। কোৱালিফিকেচনত তিনিটা প্ৰয়াসৰ সুবিধা পোৱা যায়, তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰয়াসক গণনা কৰা হয়। প্ৰাক্তন বিশ্ব জুনিয়ৰ চেম্পিয়ন চোপ্ৰাই গ্ৰুপ–এত ১৬ গৰাকী খেলুৱৈৰ মাজত শীৰ্ষত থাকে।
Published by:Sanjay Kumar Das
First published: