সমগ্ৰ দেশ এই মুহূৰ্তত তেওঁৰ বাবে গৌৰৱান্বিত। ভাৰতৰ আটাইতকৈ ডাঙৰ চেলিব্ৰিটী এই মুহূৰ্তত নীৰজ চোপ্ৰা। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ভাৰতৰ ইতিহাসত এথলেটিকছত প্ৰথম স্বৰ্ণপদক আনিছে নীৰজে। নিশাটোৰ ভিতৰতে তেওঁক লৈ ছচিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা। মহিলা অনুৰাগীৰ সংখ্যা বহু বৃদ্ধি পাইছে। দেশৰ যুৱতীসকলৰ যেন হাৰ্টথ্ৰব হৈ পৰিছে নীৰজ। মালিক হৈছে কেইবাকোটি টকাৰ। কিন্তু এইবোৰ ভাবি সময় নষ্ট কৰিব নিবিচাৰে নীৰজে।
এটা সৰ্বভাৰতীয় চেনেলত এক সাক্ষাৎকাৰত নীৰজে জনায় যে তেওঁৰ প্ৰেমিকা নাই। এতিয়াও এইবোৰ ভাৱিবও নিবিচাৰে। বহু কষ্ট কৰি এই স্থানত উপনীত হৈছে বুলিয়ে হয়তো মূল্য বুজিব পাৰিছে। ভৱিষ্যতৰ কথা পিছত ভাবিব বুলি স্পষ্ট কৰি দিছে নীৰজে।
ভাৰতৰ স্বৰ্ণ পুত্ৰ। দেখাত সুদৰ্শন। ওখ, দীঘল চুলি আৰু পেশীবহুল বাহু। বলীউদৰ বহু নায়কতকৈ সুন্দৰ তেওঁ। অভিনয়ত নমাৰ প্ৰস্তাৱো পাইছিল। কিন্তু নাকচ কৰিছিল। তাৰ ফলত আজি দেশবাসীৰ আগত। ভাৰতৰ অলিম্পিক ইতিহাসত নতুন সূৰ্যোদয় ঘটাইছে তেওঁ।
কথা ওলাইছে নীৰজক লৈ বায়’পিক কৰাৰ। দাবীটো অৱশ্যে অযুক্তিকৰ বুলি ক’ব পৰা নাযায়। কিন্তু নীৰজে এতিয়াও এইবোৰক লৈ ভাবিব বিচৰা নাই। পৰিষ্কাৰকৈ জনাই দিছে যে এই মুহূৰ্তত নিজৰ কেৰিয়াৰৰ বাদে আন কথাত মন নিদিয়ে। দেশৰ হৈ আৰু পদক জিকিব বিচাৰে। আৰু সন্মান কঢ়িয়াই আনিব বিচাৰে তেওঁ।
পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছত স্বৰ্ণপদক জিকা প্ৰাথমিক লক্ষ্য নীৰজৰ। নিজৰ জেভলিন থ্ৰ’ৰ দূৰত্ব বৃদ্ধি কৰি ৯০ মিটাৰ কৰিব বিচাৰে। তাৰ পিছত প্ৰস্তুতি চলাব পেৰিছৰ বাবে। বায়’পিকৰ কথা যেতিয়া অৱসৰ ল’ব তেতিয়া ভাবিব। সেয়ে এতিয়া আন কথাত গুৰুত্ব দিয়াৰ কোনো চিন্তা নাই। যিহৰ বাবে তেওঁ পৰিচয় লাভ কৰিছে, সেয়াই তেওঁৰ ধ্যানজ্ঞান। প্ৰেম কৰিব নে নকৰে সেই সন্দৰ্ভত মুখ নুখুলিলে নীৰজে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 10, 2021, 17:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|