মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»SBIৰ পিছত এইকেইটা চৰকাৰী বেংকৰ ঋণ হ’ব সস্তীয়া, কিমান হ্ৰাস হ’ল সুতৰ হাৰ?

SBIৰ পিছত এইকেইটা চৰকাৰী বেংকৰ ঋণ হ’ব সস্তীয়া, কিমান হ্ৰাস হ’ল সুতৰ হাৰ?

News18-Assam
Updated:July 10, 2019, 4:38 PM IST
SBIৰ পিছত এইকেইটা চৰকাৰী বেংকৰ ঋণ হ’ব সস্তীয়া, কিমান হ্ৰাস হ’ল সুতৰ হাৰ?
পৰিচয় পত্ৰ হিচাপে পাছপৰ্ট, ভোটাৰ আইডি. ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড আদি জমা দিব পাৰিব।

Oriental Bank of Commerceয়ে Marginal cost of funds based pending rate (MCLR)ত ০.১০ শতাংশলৈ কৰিছে হ্ৰাস। এই সুতৰ হাৰ বৃহস্পতিবাৰৰ পৰা বলবৎ হ’ব।

  • Share this:
দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অব ইণ্ডিয়া (SBI)ৰ পিছত ৰাজহুৱা স্থানৰ অৰিয়েণ্টেল বেংক অব কমাৰ্চ(OBC)য়ে গ্ৰাহক ৰেহাই প্ৰদান কৰিছে। Oriental Bank of Commerceয়ে Marginal cost of funds based pending rate (MCLR)ত ০.১০ শতাংশলৈ কৰিছে হ্ৰাস। এই সুতৰ হাৰ বৃহস্পতিবাৰৰ পৰা বলবৎ হ’ব। MCLR হ্ৰাস হ’লে সাধাৰণ ৰাইজৰ এটাই লাভ হয় যে চলিত ঋণ সস্তীয়া হৈ যায় আৰু পূৰ্বৰ তুলনাত EMIৰ পৰিমাণো হ্ৰাস হয়। মঙলবাৰে ভাৰতীয় ষ্টেট বেংক অব ইণ্ডিয়াই সুতৰ হাৰ ০.০৫ শতাংশলৈ হ্ৰাস কৰিছিল।

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈ ৰেপ’ৰ হাৰ ০.৭৫ শতাংশলৈ হ্ৰাস কৰিছে। চলিত সপ্তাহতে ৰিজাৰ্ভ বেংকৰ গৰ্বনৰ শক্তিকান্ত দাসে আশা জগাইছিল যে ৰেপ’ৰ হাৰ হ্ৰাস হোৱাৰ লাভ শীঘ্ৰে গ্ৰাহকে লাভ কৰিব।

কিমান সস্তীয়া হ’ল ঋণ

শ্বেয়াৰ বাজাৰক দিয়া তথ্য অনুসৰি বেংকে ক’লে যে এক দিন আৰু এমাহৰ সময়সীমাৰ ঋণত সুতৰ হাৰ ০.১০ শতাংশলৈ হ্ৰাস কৰি ক্ৰমে ৮.২০ আৰু ৮.২৫ শতাংশলৈ কৰি দিয়া হৈছে। পূৰ্বে এই সুতৰ হাৰ ক্ৰমে ৮.৩০ আৰু ৮.৩৫ শতাংশ আছিল।

একেদৰে ৩ মাহ, ৬ মাহ আৰু এবছৰৰ সময়সীমাৰ ঋণত সুতৰ হাৰ ০.০৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ক্ৰমে ৮.৪৫, ৮.৫৫ আৰু ৮.৬৫ শতাংশ হৈছে। পূৰ্বে আছিল ৮.৫, ৮.৬ আৰু ৮.৭ শতাংশ।

২০১৯ত ৰেপ’ দৰত বৰ্তমানলৈ ০.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

MCLRৰ অৰ্থ কি?

MCLRক মাৰ্জিনেল কাষ্ট অব লেণ্ডিং ৰেট বুলি কোৱা হয়। ইয়াৰ জৰিয়তে বেংকে ফাণ্ডৰ খৰচৰ হিচাপত ঋণৰ পৰিমান নিৰ্ধাৰণ কৰে। এয়া Benchmark rate। Benchmark rateৰ হাৰ বৃদ্ধি হ’লে বেংকৰ পৰা লোৱা প্ৰতিটো লোণ ব্যয়বহুল হৈ যায়।
First published: July 10, 2019, 4:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি