• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Oracle Speaks, 9 August : আজিৰ দিনটোত কোনবোৰ দিশত চকু ৰখা ভাল? বিশেষজ্ঞা পূজা চন্দ্ৰাৰ দৃষ্টিৰে চাওক ৯ আগষ্ট ৰাশিফল

Oracle Speaks, 9 August : আজিৰ দিনটোত কোনবোৰ দিশত চকু ৰখা ভাল? বিশেষজ্ঞা পূজা চন্দ্ৰাৰ দৃষ্টিৰে চাওক ৯ আগষ্ট ৰাশিফল

চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)। Oracle Speaks,  3 August

চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)। Oracle Speaks, 3 August

চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)। Oracle Speaks, 3 August

  • Share this:
চিটাৰা– দ্য ৱেলনেছ ষ্টুডিঅ'ৰ বিশেষজ্ঞা পূজা চন্দ্ৰা অতি সৰুৰে পৰা আধ্যাত্মিক অভিজ্ঞতাৰে কৰা যাত্ৰাই তেওঁৰ সংবেদনশীলতা বৃদ্ধি কৰিছে, কোনে কিয় বিপদত পৰিছে সেয়া তেওঁ একেবাৰে চকুত পৰাকৈ ক’ব পাৰে। আজি তেওঁৰ জন্মদিন অনুসৰি ৰাশিৰ ভাগ্যৰ বিষয়ে কি কৈছে জানো আহক!

মেষ (Aries ): মাৰ্চ 21-এপ্ৰিল 19 :  নতুন কিবা এটা আৰম্ভ কৰাৰ বাবে আজি এটা ভাল দিন। কিন্তু তাৰ আগতে প্ৰস্তুতি আৰু অনুশীলন সঠিকভাৱে কৰা উচিত। ভাগ্যৱান চিহ্ন –  দাপোণৰ ছবি

বৃষ (Taurus) : এপ্ৰিল 20-মে 20 : আজি সিদ্ধান্ত লোৱাটো উচিত নহ’ব, বৰঞ্চ সঠিক সময়ৰ বাবে অপেক্ষা কৰাটোৱেই উচিত হ’ব৷ এটা ভাল সুযোগ আহিব পাৰে।ভাগ্যৱান চিহ্ন– ৰঙা মমবাতি

মিথুন (Gemini ) : মে 21- জুন 21:  যদি আপোনাৰ কাৰোবাৰ সৈতে একেলগে কাম কৰাৰ পৰিকল্পনা আছে, তেন্তে এতিয়াই সেই কাম কৰাৰ আদৰ্শ সময়। এবাৰতে সকলোৰে সন্মুখত নিজৰ পৰিকল্পনা নোলোৱাটো ভাল। ভাগ্যৱান চিহ্ন – এটা গ্ৰহৰ ৰত্ন

কৰ্কট (Cancer ): জুন 22- জুলাই 22 :  আপুনি কাৰোবাৰ ওপৰত আৱেগিকভাৱে নিৰ্ভৰশীল। যিটো একেবাৰেই হ’ব নালাগে। সেই ঠাইৰ পৰা নিজকে আঁতৰাই স্বাধীনভাৱে জীয়াই থাকক। ভাগ্যৱান চিহ্ন - এটা হালধীয়া শিল

সিংহ (Leo): জুলাই 23- আগষ্ট 22 :  এই ৰাশিৰ লোকে বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপুনি হয়তো বহুদিন দেখা নোপোৱা কাৰোবাৰ পৰা শুভেচ্ছা লাভ কৰিব পাৰে। ভাগ্যৱান চিহ্ন - মমবাতি

কন্যা (Virgo): আগষ্ট 23-ছেপ্টেম্বৰ 22 :  টকাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক। ভালপোৱাজনে এৰি যোৱাৰ সময়ৰ অনুভূতি পাহৰি যোৱাটো সহজ নহয়।  ভাগ্যৱান চিহ্ন - এটা বুদ্ধ মূৰ্তি

তুলা (Libra ): ছেপ্টেম্বৰ 23- অক্টোবৰ 23:  আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িছে। ঘৰৰ পৰা কিছু ভাল খবৰ আহিব আৰু মনটো উল্লসিত কৰিব। ভাগ্যৱান চিহ্ন- ঘৰুৱা উদ্ভিদ।

বৃশ্চিক (Scorpio): অক্টোবৰ 24 – নৱেম্বৰ 21:  আৰ্থিক লাভ হ’ব। এটা নতুন ছন্দ সৃষ্টি হ’ব পাৰে। বহুতে আগতে আপোনাৰ কামক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, সেই সমস্যাটো আৰু নাথাকিব। ভাগ্যৱান চিহ্ন – এটা চেম্বাৰ।

ধনু (Sagittarius ): নৱেম্বৰ 22 – ডিচেম্বৰ 21 : যদি এটা নতুন ব্যৱসায়িক ধাৰণা মনলৈ আহে, তেন্তে সেয়া আপোনাৰ হ’ব। অংশীদাৰিত্বৰ পৰিকল্পনা থাকিলেও আগবাঢ়িব পাৰে।ভাগ্যৱান চিহ্ন – আৰোহী

মকৰ (Capricorn) : ডিচেম্বৰ 22 – জানুৱাৰী 19 : আজি ভাল বেয়া মিহলি হ’বলৈ গৈ আছে। যিসকলক আপুনি বেছি বিশ্বাস কৰে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলতা কমাই দিয়ক। যিকোনো ৰোড ট্ৰিপলৈ ওলাই যাব পাৰি।  ভাগ্যৱান চিহ্ন – পখিলা

কুম্ভ (Aquarius): জানুৱাৰী 20- ফেব্ৰুৱাৰী 18: আজি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ এক শক্তিশালী পৰিকল্পনা থাকিলেও বাতিল হ’ব পাৰে। পৰিয়াল বা আপোনজনৰ পৰা যিকোনো পৰামৰ্শই কাম নকৰিবও পাৰে। ভাগ্যৱান চিহ্ন – কেনভাছ

মীন (Pisces ): ফেব্ৰুৱাৰী 19 – মাৰ্চ 20:  আপুনি হয়তো আপোনাৰ অতীতৰ কাৰ্যৰ বাবে দোষী অনুভৱ কৰিব পাৰে। যিসকলে আপোনাৰ ৰিপ্লাইৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আছে, তেওঁলোকে আজি ৰিপ্লাই দিবলৈ বহুত কষ্ট পাব। ভাগ্যৱান চিহ্ন - দুটা চৰাই।

পূজা চন্দ্ৰাৰ বিষয়ে কিছু তথ্য: পূজা চন্দ্ৰা পেছাত এগৰাকী হলিষ্টিক হিলিং প্ৰেক্টিচনাৰ। পূজা চন্দ্ৰা ৰেইকী গ্ৰেণ্ডমাষ্টাৰ আৰু অন্যান্য হিলিং চাৰ্টিফাইড পদ্ধতিৰ ওপৰতো গৱেষণা কৰিছে। টেৰোট কাৰ্ড পঢ়াৰ উপৰি, থেটা, বুদ্ধিষ্ট, চক্ৰ আৰু পেট হিলিং চিকিৎসাৰ দৰে একাধিক বিষয়ত দক্ষ পূজা চন্দ্ৰা হিলিং আৰু ইয়াৰ বৈকল্পিক চিকিৎসাত সিদ্ধহস্ত। যোৱা ত্ৰিশ বছৰৰ অভিজ্ঞতা আৰু অনুশীলনত হিলিং চিকিৎসাৰ সৈতে জড়িত আৰু পূজাই এক অসাধাৰণ কৌশল বা উপায় আৱিষ্কাৰ কৰিছে। পূজাই দীৰ্ঘ জীৱনৰ যত্নত এজন সহানুভূতিশীল কিশোৰৰ পৰা এগৰাকী উন্নত মানৰ হিলিং থেৰাপিষ্টলৈ নিজকে বিকশিত কৰিছে। পূজাই মুখ্যতঃ বিভিন্ন ধৰণৰ মানসিক বা শাৰীৰিক উদ্বেগৰ সমস্যাত ভুগি থকা লোকসকলৰ সৈতে কাম কৰে। পূজাই নিজৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকৰ মানসিক প্ৰণালী আৰু সমস্যাৰ স্থানবোৰ সহজে বুজিব পাৰে। এগৰাকী অভিজ্ঞ হিলিং থেৰাপিষ্ট হিচাপে পূজাই ব্যক্তিগতভাৱে আৰু পৃথিৱীৰ যিকোনো স্থানত থকা লোকসকলক কাৰ্যকৰী আৰোগ্য বিধান প্ৰদান কৰে। পূজাৰ সৈতে যোগাযোগ কৰিবলৈ আগ্ৰহী সকলে তেওঁৰ ৱেবছাইটত www.citaaraa.com থেৰাপীৰ বিষয়ে সকলো তথ্য লাভ কৰিব। ৱেবছাইটত থেৰাপীৰ বৰ্ণনা কৰাৰ উপৰি হিলিং থেৰাপীৰ যোগে আৰোগ্য হোৱা লোকসকলে তেওঁলোকৰ অভিজ্ঞতাও বৰ্ণনা কৰে। কিন্তু কেৱল হিলিং থেৰাপিষ্টেই নহয় পূজা চন্দ্ৰা এগৰাকী দক্ষ লেখিকা, কবি আৰু এগৰাকী ব্লগাৰ। তেওঁ মুখ্যতঃ তেওঁৰ প্ৰৱন্ধ আৰু ব্লগৰ জৰিয়তে তেওঁৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ ভাল পায় যিয়ে আমাক জীৱনৰ বিষয়ে কিবা নতুন শিকায়।
Published by:Gautam Barman
First published: