• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Oracle Speaks, 2 August : বিশেষজ্ঞা পূজা চন্দ্ৰাৰ দৃষ্টিৰে ২ আগষ্টৰ দিনটো, চাওক দিনটোৰ বাবে ৰাশিফল অনুসৰি ভাগ্যৱান চিহ্ন

Oracle Speaks, 2 August : বিশেষজ্ঞা পূজা চন্দ্ৰাৰ দৃষ্টিৰে ২ আগষ্টৰ দিনটো, চাওক দিনটোৰ বাবে ৰাশিফল অনুসৰি ভাগ্যৱান চিহ্ন

চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক

চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক

চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক

  • Share this:
চিটাৰা– দ্য ৱেলনেছ ষ্টুডিঅ'ৰ বিশেষজ্ঞা পূজা চন্দ্ৰা অতি সৰুৰে পৰা আধ্যাত্মিক অভিজ্ঞতাৰে কৰা যাত্ৰাই তেওঁৰ সংবেদনশীলতা বৃদ্ধি কৰিছে, কোনে কিয় বিপদত পৰিছে সেয়া তেওঁ একেবাৰে চকুত পৰাকৈ ক’ব পাৰে। আজি তেওঁৰ জন্মদিন অনুসৰি ৰাশিৰ ভাগ্যৰ বিষয়ে কি কৈছে জানো আহক!

মেষ (Aries ): মাৰ্চ 21-এপ্ৰিল 19 : ঘনিষ্ঠ সম্পৰ্কৰ বাবে অধিক সময় দিয়ক। সময়ৰ কাম সময়মতে কৰিব লাগিব। ভাগ্যৱান চিহ্ন –  এটা প্ৰিজম

বৃষ (Taurus) : এপ্ৰিল 20-মে 20 : এলেহুৱাৰ এটা ভাব ঘূৰি আছে, বহু অপ্ৰয়োজনীয় কাম হাতত আবদ্ধ হৈ আছে। অতিৰিক্ত ক্ৰয়ৰ বাবে ধন খৰচ। ভাগ্যৱান চিহ্ন– এটা কাঁচৰ জাৰ

মিথুন (Gemini ) : মে 21- জুন 21: আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সৈতে কটোৱা সময়ে জীৱনলৈ ভাৰসাম্য আনিব পাৰে। ভাগ্যৱান চিহ্ন – এটা নিজৰা

কৰ্কট (Cancer ): জুন 22- জুলাই 22 : জীৱনত এজন নতুন ব্যক্তিৰ আগমনে কামৰ বোজা লাঘৱ কৰিব পাৰে। খেলা-ধূলা কৰিলে কাৰ্যকলাপ বৃদ্ধি পাব। ভাগ্যৱান চিহ্ন - এটা প্ৰাচীন ঘড়ী

সিংহ (Leo): জুলাই 23- আগষ্ট 22 : কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে। ডাঙৰ ডাঙৰ সুযোগ বিচাৰিলে পাব পাৰি। ভাগ্যৱান চিহ্ন - মুক্ত আকাশ

কন্যা (Virgo): আগষ্ট 23-ছেপ্টেম্বৰ 22 : আগতে যদি তেওঁ কাৰোবাক আঘাত কৰিছে, তেন্তে তেওঁ হয়তো এতিয়াও ক্ষমা কৰা নাই। পৰিৱৰ্তনৰ বাবে কাম কৰিব লাগিব। ভাগ্যৱান চিহ্ন - এটা অনুক্ৰম

তুলা (Libra ): ছেপ্টেম্বৰ 23- অক্টোবৰ 23:  কৰ্মক্ষেত্ৰত পৰিস্থিতি নিৰীক্ষণ কৰিব লাগে। ওচৰ-চুবুৰীয়াৰ আচৰণে এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। ভাগ্যৱান চিহ্ন- এখন ৰেচমৰ গামোচা

বৃশ্চিক (Scorpio): অক্টোবৰ 24 – নৱেম্বৰ 21:  কিছু ভাল খবৰ আহি আছে। লেহেমীয়াকৈ আৰম্ভ হ’লেও পিছলৈ দিনটো বেলেগ হ’ব। ভাগ্যৱান চিহ্ন – জাল

ধনু (Sagittarius ): নৱেম্বৰ 22 – ডিচেম্বৰ 21 : কৰ্মস্থলীত কোনো এটা বিষয় সঠিকভাৱে চম্ভালিব নোৱাৰিলে আজি পৰিস্থিতি অধিক বেয়া হ’ব পাৰে। ভাগ্যৱান চিহ্ন – এটা ফুলৰ ডিজাইন

মকৰ (Capricorn) : ডিচেম্বৰ 22 – জানুৱাৰী 19 : ভাগৰুৱা অনুভৱ কৰাটো স্বাভাৱিক, আজি কিছু জিৰণি ল’ব পাৰে। পুৰণি টেবুলখন ভাঙি কাম কৰিব লাগিব পাৰে। ভাগ্যৱান চিহ্ন – কেনভাছ জোতা

কুম্ভ (Aquarius): জানুৱাৰী 20- ফেব্ৰুৱাৰী 18: এটা নতুন সুযোগ বা অংশীদাৰিত্ব আহি আছে। পথটো মসৃণ যেন লাগিলেও পৰিকল্পনা কৰাটো গুৰুত্বপূৰ্ণ। ভাগ্যৱান চিহ্ন – ঈগল

মীন (Pisces ): ফেব্ৰুৱাৰী 19 – মাৰ্চ 20:  এজন বন্ধুৱে পাৰিবাৰিক বিষয়ত সহায় বিচাৰিব পাৰে। অৰ্ধপৰিচিত কাৰোবাক সমালোচনা কৰাটো ন্যায্য নহয়।ভাগ্যৱান চিহ্ন - নতুন ফুলদানি

পূজা চন্দ্ৰাৰ বিষয়ে কিছু তথ্য: পূজা চন্দ্ৰা পেছাত এগৰাকী হলিষ্টিক হিলিং প্ৰেক্টিচনাৰ। পূজা চন্দ্ৰা ৰেইকী গ্ৰেণ্ডমাষ্টাৰ আৰু অন্যান্য হিলিং চাৰ্টিফাইড পদ্ধতিৰ ওপৰতো গৱেষণা কৰিছে। টেৰোট কাৰ্ড পঢ়াৰ উপৰি, থেটা, বুদ্ধিষ্ট, চক্ৰ আৰু পেট হিলিং চিকিৎসাৰ দৰে একাধিক বিষয়ত দক্ষ পূজা চন্দ্ৰা হিলিং আৰু ইয়াৰ বৈকল্পিক চিকিৎসাত সিদ্ধহস্ত। যোৱা ত্ৰিশ বছৰৰ অভিজ্ঞতা আৰু অনুশীলনত হিলিং চিকিৎসাৰ সৈতে জড়িত আৰু পূজাই এক অসাধাৰণ কৌশল বা উপায় আৱিষ্কাৰ কৰিছে। পূজাই দীৰ্ঘ জীৱনৰ যত্নত এজন সহানুভূতিশীল কিশোৰৰ পৰা এগৰাকী উন্নত মানৰ হিলিং থেৰাপিষ্টলৈ নিজকে বিকশিত কৰিছে। পূজাই মুখ্যতঃ বিভিন্ন ধৰণৰ মানসিক বা শাৰীৰিক উদ্বেগৰ সমস্যাত ভুগি থকা লোকসকলৰ সৈতে কাম কৰে। পূজাই নিজৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকৰ মানসিক প্ৰণালী আৰু সমস্যাৰ স্থানবোৰ সহজে বুজিব পাৰে। এগৰাকী অভিজ্ঞ হিলিং থেৰাপিষ্ট হিচাপে পূজাই ব্যক্তিগতভাৱে আৰু পৃথিৱীৰ যিকোনো স্থানত থকা লোকসকলক কাৰ্যকৰী আৰোগ্য বিধান প্ৰদান কৰে। পূজাৰ সৈতে যোগাযোগ কৰিবলৈ আগ্ৰহী সকলে তেওঁৰ ৱেবছাইটত www.citaaraa.com থেৰাপীৰ বিষয়ে সকলো তথ্য লাভ কৰিব। ৱেবছাইটত থেৰাপীৰ বৰ্ণনা কৰাৰ উপৰি হিলিং থেৰাপীৰ যোগে আৰোগ্য হোৱা লোকসকলে তেওঁলোকৰ অভিজ্ঞতাও বৰ্ণনা কৰে। কিন্তু কেৱল হিলিং থেৰাপিষ্টেই নহয় পূজা চন্দ্ৰা এগৰাকী দক্ষ লেখিকা, কবি আৰু এগৰাকী ব্লগাৰ। তেওঁ মুখ্যতঃ তেওঁৰ প্ৰৱন্ধ আৰু ব্লগৰ জৰিয়তে তেওঁৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ ভাল পায় যিয়ে আমাক জীৱনৰ বিষয়ে কিবা নতুন শিকায়।
Published by:Gautam Barman
First published: