প্ৰতিদিনে হাজাৰ হাজাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হয়। ইয়াৰে কিছুমান ছবি দেখি মানুহে হাঁহিৰ খোৰাক লাভ কৰে। অৱশ্যে, কিছুমান ফটোৱে মানুহক স্তম্ভিত কৰি তোলে। আনহাতে, কিছুমান ফটোৱে মানুহক অবাক কৰি তোলে। ইয়াৰ বাহিৰেও, কিছুমান ছবি আচৰিত। এইবোৰ ফটো দেখি বহু সময়ত বিভ্ৰান্তিৰ সৃষ্টি হয় মানুহৰ মনত। আমি এই ছবিবোৰক অপ্টিকেল ইলুজন বুলি কওঁ। অৱশ্যে, প্ৰখৰ বুদ্ধি আৰু চতুৰ লোকসকলে ইয়াৰ উত্তৰ সহজতে দিব পাৰে। আজি যিখন ফটোৰ কথা ক’বলৈ লৈছো, এই ফটোখনেও আপোনাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব। সহজতে ইয়াৰ সমাধান উলিওৱা সম্ভৱ নহয়।
ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু সাধাৰণ ৰাইজে অপ্টিকেল ইলুজনৰ ছবি ভাল পায় আৰু সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে। এই অপ্টিকেল ইলুজনৰ ফটোখনে বহু লোকৰ অবাক কৰি পেলাইছে। কিয়নো, ছবিখনত এনে প্ৰত্যাহ্বান দিয়া হৈছে, যি আপোনাৰ মনক বিভ্ৰান্ত কৰিব। হয়তো কেইবা ঘণ্টাৰ কঠোৰ পৰিশ্ৰম আৰু মগজু খটোৱাৰ পাছতো, আপুনি ইয়াক সমাধান কৰিব নোৱাৰিব। গতিকে এই ছবিখনৰ বিষয়ে আৰু এইটো কেনে ধৰণৰ প্ৰত্যাহ্বান সেয়া জানো আহক।
প্ৰথম দৃষ্টিত, ছবিখন স্বাভাৱিক যেন লাগিছে। দুটা ঘোঁৰা স্পষ্টভাৱে দেখা গৈছে। কিন্তু, এই ছবিখনত দিয়া প্ৰত্যাহ্বানটোৱে সকলোকে আচৰিত কৰিছে। প্ৰকৃততে, এই ছবিখনত এইটো সোধা হৈছে যে আপুনি দেখা মূৰটো কোনটো ঘোঁৰাৰ? এই ফটোখন ভাইৰেল হোৱাৰ লগে লগে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত সৃষ্টি হৈছে বিভ্ৰান্তিৰ। যিমান সহজ যেন লাগে আচলতে সিমান সহজ নহয় ইয়াৰ সমাধান উলিওৱা।
ইনষ্টাগ্ৰামত, এই প্ৰত্যাহ্বানটো 'অপ্টিকেল ইলিউজন' নামৰ এটা পৃষ্ঠাত শ্বেয়াৰ কৰা হৈছে। বহু সংখ্যক লোকে ইয়াৰ ওপৰত মন্তব্য কৰিছে। যদি আপুনি ভাবে যে আপুনি ৰহস্যটো সমাধান কৰিছে, তেন্তে কমেণ্ট কৰক আৰু উত্তৰটো কওঁক। যদি আপুনি এতিয়ালৈকে উত্তৰ পোৱা নাই, আমি আপোনাক সহায় কৰিম। ছবিখনত আপুনি দেখা মূৰটো হৈছে দুই নম্বৰ ঘোঁৰাটোৰ। আপুনি সাৱধানে চাব, আপুনি বুজি পাব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 25, 2023, 13:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।