অপ্টিকেল ইলিউছন শেহতীয়াকৈ নেটিজেনসকলৰ বাবে নতুন পছন্দত পৰিণত হৈছে। এই ফটোবোৰ প্ৰায়েই ছলনাময় হয় আৰু প্ৰতিবাৰেই আমাক বিমোৰত পেলায় আৰু মগজু ঘোলা কৰি দিয়ে।
নতুনকৈ ভাইৰেল হোৱা এই অপ্টিকেল ইলিউছনৰ ছবিখনৰ স্ৰষ্টা হৈছে ভেছ লেপাৰ্ট (Yves Lappert)।
প্ৰথমতে চালেই ছবিখনত চাৰিটা ত্ৰিভূজ (Triangle) থকা যেন লাগে আৰু বতাহত ওপঙি থকা যেন লাগে।
কিন্তু অলপ মন দি চালে আকৌ দেখা পাম যে আচলতে ছবিখন চাৰিখন বোৰ্ডৰ যিবোৰ দেৱালখনত আউজাই থোৱা আছে। বোৰ্ড চাৰিখন একেধৰণে একোণীয়াকৈ এখনৰ ওপৰত আনখন পেলাই থোৱাৰ দৰে আছে।
বোৰ্ডকেইখনৰ ছাঁবোৰেহে পোহৰৰ ফলত একোটা ত্ৰিভূজৰ সৃষ্টি কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|