ছচিয়েল মিডিয়াত সময়ে সময়ে বিভিন্ন অপ্টিকেল ইলুজন ভাইৰেল হৈ থাকে। যাক লৈ বিমোৰত পৰে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী। কেতিয়াবা এই অপ্টিকেল ইলুজনবোৰক লৈ চেলেঞ্জ কৰা হয়। নিৰ্ধাৰিত সময়ত নেটিজেনক ইয়াৰ ৰহস্য ভেদ কৰিবলৈ কৰা হয় চেলেঞ্জ। একাংশ লোকে এয়া সমাধান কৰিব পাৰে যদিও অধিকসংখ্যক লোকে ইয়াক লৈ মূৰ ঘমাবলগীয়া হয়। হাবাথুৰি খাবলগীয়া হয় ইয়াৰ উত্তৰ বিচাৰি।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল এনে এখন ফটো। ফটোখনত সৰু সৰু শিলৰ মাজত লুকাই আছে এটা জেঠী। আৰু এই জেঠীটো বিচাৰি উলিয়াবলৈ দিয়া হৈছে ৫ ছেকেণ্ড সময়। যদিহে আপুনি ফটোখন ৫ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰে তেন্তে আপোনাৰ বুদ্ধিমত্তা উত্তম। আৰু যদি নোৱাৰে তেন্তে আপোনাৰ বাবে আছে কিছু টিপছ।
প্ৰথমে আপুনি ফটোখন ভালদৰে লক্ষ্য কৰক। অলপ সুক্ষ্মভাৱে লক্ষ্য কৰিলে আপুনি সহজতে বিচাৰি উলিয়াব পাৰিব জেঠীটো। শিলৰ ৰঙৰ সৈতে খাপ খাই পৰাৰ বাবে বিমোৰত পৰিব পাৰে আপুনি। কিন্তু অসম্ভৱ নহয়। ফটোখনৰ ঠিক মাজতে আছে জেঠীডাল।
এতিয়াও বিচাৰি পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে আছে কিছু ইংগিত। ক’ত থাকিব পাৰে এই জেঠীডাল? চাওক তলৰ ফটোত।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ফটোখন। বহু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী বিভ্ৰান্তিত পৰাৰ বিপৰীতে একাংশই আকৌ ইয়াক সহজতে সমাধান কৰিবলৈ সক্ষম হৈছে। ছচিয়েল মিডিয়াত এনেধৰণৰ অপ্টিকেল ইলুজনে ব্যক্তিৰ মানসিক উৎকৰ্ষ সাধনতো সহায় কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 01, 2023, 17:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।