Optical Illusion Viral Photo: দৈনিক অপ্টিকেল ইলুজনৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ থাকে আৰু মানুহে এই ফটোবোৰ দেখি ইয়াৰ সমাধান উলিওৱাৰ চেষ্টা কৰে। অধিকসংখ্যক ফটো এনেকুৱা ধৰণৰ গয় য’ত কিবা নহয় কিবা এটা বিচাৰি উলিয়াব লাগে। এই ফটোখনত এটা চৰাই লুকাই আছে। অৱশ্যে এই চৰাইটো বিচাৰি উলিওৱা সহজ কাম নহয়। আপুনি সূক্ষ্মভাৱে নজৰ দিব লাগিব।
প্ৰায়ে অপ্টিকেল ইলুজনৰ এনেধৰণৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত জীৱ-জন্তু বা চৰাই বিচাৰি উলিয়াবলগীয়া হয়। এই ছবিখনো তেনেকুৱাই। ছবিখনত দেখা গৈছে যে গছৰ ডালত কিছুমান পাত আছে। গছৰ ডালত প্ৰায় সকলো পাত সৰি পৰিছে। যিয়েই এই ফটোখন ক্লিক কৰিছে, অতি চতুৰভাৱে বন্দী কৰিছে। কাৰণ গছজোপাৰ ওপৰত বহি থকা চৰাইটো একেবাৰেই দেখা নাযায়।
কিন্তু যেতিয়া আপুনি ছবিখনত চকু কেন্দ্ৰীভূত কৰিব তেতিয়া লাহে লাহে উপলব্ধি কৰিব যে গছজোপাৰ ওপৰত এটা চৰাই বহি আছে। চৰাইটোৰ ৰং গছৰ ৰঙৰ লগত মিলি গৈছে। ইয়াৰ বাবে ইয়াক সহজে ধৰা পেলোৱাটো কঠিন। যদি আপুনি ছবিখনত থকা চৰাইটো বিচাৰিব বিচাৰে, তেন্তে আপুনি ছবিখনৰ আৰম্ভণিৰ ডালবোৰ চাওক।
চৰাইটোক সোঁফালে চাই থকা দেখা যাব। চকু মুদি ৰাখিছে সি। এই কাৰণে গছজোপাৰ ওপৰত সহজে চৰাইটোৰ স্থান বিচাৰি উলিওৱাটো কঠিন হৈ পৰে। এনে বহু ছবি প্ৰতিদিনে ভাইৰেল হৈ পৰে।