পত্নীৰ নামত মোদী চৰকাৰৰ এই আঁচনিৰ অধীনত খোলক একাউণ্ট, প্ৰতি মাহে পাব যথেষ্ট টকা

News18 Assam | News18-Assam
Updated:August 20, 2020, 1:51 PM IST
পত্নীৰ নামত মোদী চৰকাৰৰ এই আঁচনিৰ অধীনত খোলক একাউণ্ট, প্ৰতি মাহে পাব যথেষ্ট টকা
National Pension Scheme-ত ইনভেষ্ট কৰিলে আপুনিও নিজৰ পত্নীক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। 

National Pension Scheme-ত ইনভেষ্ট কৰিলে আপুনিও নিজৰ পত্নীক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। 

  • Share this:
নতুন দিল্লীঃ পৰিয়ালত আপুনিয়েই একমাত্ৰ উপাৰ্জনকাৰী নে কি? আপোনাৰ পত্নী হোমমেকাৰ নে কি? মূল্যবৃদ্ধিৰ এই কালত অকলশৰীয় উপাৰ্জনেৰে সংসাৰ চলোৱা যথেষ্ট কঠিন। এই সমস্যাৰ কথা চিন্তা কৰি মোদী চৰকাৰে আনিছে এক স্কীম। এই চৰকাৰী আঁচনিত বিনিয়োগ কৰিলে আয়ৰ ক্ষেত্ৰত কিছু নিশ্চিত হ’ব পাৰে। লগতে আপোনাৰ স্ত্ৰীও আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰিব। National Pension Scheme-ত ইনভেষ্ট কৰি আপুনিও আপোনাৰ স্ত্রীক আত্মনির্ভৰশীল কৰি তুলিব পাৰে।

আপোনাৰ স্ত্রীৰ নামত নিউ পেনশ্যন চিষ্টেম একাউন্ট খুলিব পাৰে। আপোনাৰ স্ত্রীৰ ৬০ বছৰ বয়স হ’লে তেতিয়া একেবাৰতে টকা দিব। ইয়াৰ বাহিৰে প্ৰতিমাহে নিয়মীয়াকৈ উপাৰ্জন কৰিবও পাৰিব। এই স্কীমত আপুনি ঠিক কৰিব পাৰিব যে আপোনাৰ স্ত্ৰীয়ে কিমান টকা পেনশ্যন পাব। ইয়াৰ জৰিয়তে ৬০বছৰ বয়সৰ পিছত পেনশ্যনৰ কাৰণে আপোনাৰ স্ত্ৰী কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে।

এই স্কীমত আপোনাৰ সুবিধা অনুযায়ী, প্রতি মাহত বা বছৰেকত টকা জমা কৰিব পাৰে। ১০০০ টকাৰ পৰা এনপিএছত স্ত্রীৰ নামত একাউণ্ট খুলিব পাৰে। ৬০ বছৰ বয়স হলেই একাউন্ট মেচিউৰড হ’ব। নতুন নিয়ম অনুযায়ী, আপোনাৰ স্ত্রীৰ ৬৫ বছৰ পর্যন্তও এই একাউন্ট চলাব পাৰে।

এনপিছ স্কীমত ১৮ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ কোনো বেতনভোগী ব্যক্তিয়ে ইনভেষ্ট কৰিব পাৰে। ইয়াত দুই ধৰণৰ একাউণ্ট আছে, Tier-I আৰু Tier-II ৷ Tier-I ৰিটায়েৰমেন্টৰ একাউন্ট হয় আৰু চৰকাৰী কর্মচাৰী সকলোৱে ইয়াক খোলাটো বাধ্যতামূলক ৷ Tier-II হৈছে ভলন্টিয়াৰ অ্যাকাউন্ট ৷ ইয়াত যিকোনো বেতনভোগী ব্যক্তিয়ে ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। লগতে যিকোনো সময়ত টকা তুলি নিবও পাৰে।
First published: August 20, 2020, 1:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading