দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে শীঘ্ৰে গ্ৰাহকৰ বাবে আগবঢ়াব নতুন সুবিধা। এই নতুন সুবিধাৰ জৰিয়তে SBIৰ গ্ৰাহকে বিনামূলীয়াকৈ লাভ কৰিব ২ লাখ টকাৰ বীমা। আচলতে SBI কাৰ্ডে শীঘ্ৰে গ্ৰাহকলৈ আগবঢ়াব RuPay Credit Card। ৰুপে’ (RuPay)ক নেচনেল পে’মেণ্ট কৰ্প’ৰেচন অৱ ইণ্ডিয়াই ডেভেল’প কৰিছে। এয়া ঘৰুৱাভাৱে বিকশিত এক প্ৰণালী য’ত UPI, IMPS আৰু BHIM এপৰ দৰে কেইবাটাও লেনদেন বিকল্প উপলব্ধ হয়।
ৰুপে’ কাৰ্ড থকা গ্ৰাহকৰ দুৰ্ঘটনাত মৃত্যু হ’লে বা চিৰদিনৰ বাবে শাৰীৰিকভাৱে অক্ষম হ’লে দুৰ্ঘটনাজনিত বীমা দিয়া হয়। এই পলিচীৰ জৰিয়তে ৰুপে’ ক্লাছিক কাৰ্ড থকাসকলে ১ লাখ টকাৰ বীমা লাভ কৰাৰ অধিকাৰী হয় আৰু প্লেটিনাম কাৰ্ড থকাসকলে ২ লাখ টকাৰ বীমা লাভ কৰে।
এয়া দুৰ্ঘটনাজনিত বীমা। অৰ্থাৎ যদি দুৰ্ঘটনাৰ ফলত আপোনাৰ মৃত্যু বা চিৰদিনলৈ ঘূণীয়া হয় তেন্তে ১ৰ পৰা ২ লাখ টকাৰ বীমা লাভ কৰিব। স্বাভাৱিক মৃত্যুত এই পলিচীৰ সুবিধা নাপাব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 03, 2019, 09:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|