মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »SBI–এ সতৰ্ক কৰিলে গ্ৰাহকক! জমা ধন সুৰক্ষিত ৰাখিবলৈ কি কৰিব আপুনি?

SBI–এ সতৰ্ক কৰিলে গ্ৰাহকক! জমা ধন সুৰক্ষিত ৰাখিবলৈ কি কৰিব আপুনি?

SBI–এ গ্ৰাহকৰ সহায়ৰ বাবে মুকলি কৰিছে দুটা ট’ল ফ্ৰী নম্বৰ।

SBI–এ গ্ৰাহকৰ সহায়ৰ বাবে মুকলি কৰিছে দুটা ট’ল ফ্ৰী নম্বৰ।

  • Share this:
    অনলাইন প্ৰৱঞ্চনাৰ ঘটনা দিনক–দিনে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে নিজৰ ৪২ কোটিতকৈও অধিক গ্ৰাহকলৈ জাৰি কৰিছে সতৰ্কবাণী। গ্ৰাহকসকলক অনলাইন প্ৰৱঞ্চকৰ পৰা ৰক্ষা পোৱাৰ পৰামৰ্শ দিছে। বেংকে কৈছে যে গ্ৰাহকে নিজৰ ধন আৰু সময় ছচিয়েল মিডিয়াৰ ফেক একাউণ্টত বিনিয়োগ কৰাৰ পৰা আঁতৰত থাকক। সেয়েহে গ্ৰাহকে কেৱল SBIৰ ভেৰিফাইড আৰু অফিচিয়েল হেণ্ডেলহে ফলো কৰক।

    SBI–এ টুইট কৰি গ্ৰাহকসকলক সতৰ্ক কৰি কয় যে – নিজৰ ছচিয়েল মিডিয়া একাউণ্টৰ মাধ্যমেৰে বেংকৰ বিষয়াৰ সৈতে টেগ আৰু বাৰ্তালাপ কৰাৰ পূৰ্বে সদায় ভেৰিফাইড চিহ্ন চাওক। ভুৱা ছচিয়েল মিডিয়া একাউণ্ট খোলা এতিয়া সাধাৰণ কথা। সেয়েহে গ্ৰাহকৰ বাবে বিত্তীয় লেনদেন কৰাৰ সময়ত ভুৱা ছচিয়েল মিডিয়া একাউণ্ট চিনাক্তকৰণ অতি গুৰুত্বপূৰ্ণ।



    দেশৰ সৰ্ববৃহৎ বেংকটোৱে নিজৰ টুইটত ছচিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে SBIৰ ভেৰিফাইড আৰু অফিচিয়েল হেণ্ডেলৰ বিষয়ে জনাইছে। বেংকে তেওঁলোকৰ ভেৰিফাইড ছচিয়েল মিডিয়া একাউণ্ট ফলো কৰিবলৈ আহ্বান জনাইছে। যেনে –

    Facebook: @StateBankOfIndia

    Instagram: @theofficialsbi

    Twitter: @TheOfficialSBi

    Linkedin: State Bank of India (SBI)

    Google+: State Bank of India

    YouTube: State Bank of India

    Quora: State Bank of India (SBI)

    Pinterest: State Bank Of India

    ইয়াৰ উপৰি SBI–এ গ্ৰাহকৰ সহায়ৰ বাবে মুকলি কৰিছে দুটা ট’ল ফ্ৰী নম্বৰ। যদি আপুনি যিকোনো অকৰ্তৃত্বশীল অনলাইন লেনদেনৰ চিকাৰ হৈছে, তেন্তে এই ট’ল ফ্ৰী নম্বৰত শীঘ্ৰে জনাওক। SBI–এ জাৰি কৰা ফোন ট’ল ফ্ৰী নম্বৰ দুটা হৈছে 1800112211 আৰু 18004253800।

    শেহতীয়া বাতৰি