গ্ৰাহকলৈ SBIৰ সতৰ্কবাণী! নিজৰ জমাধন সুৰক্ষিত ৰাখিবলৈ কি কৰিব আপুনি?

ভাৰতীয় ষ্টেট বেংকৰ বৰ্তমান ৪২ কোটি গ্ৰাহক আছে। SBI–এ কৈছে যে বেংকৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট ভেৰিফাইড।

News18-Assam
Updated:August 6, 2019, 8:31 AM IST
গ্ৰাহকলৈ SBIৰ সতৰ্কবাণী! নিজৰ জমাধন সুৰক্ষিত ৰাখিবলৈ কি কৰিব আপুনি?
ভাৰতীয় ষ্টেট বেংকৰ বৰ্তমান ৪২ কোটি গ্ৰাহক আছে। SBI–এ কৈছে যে বেংকৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট ভেৰিফাইড।
News18-Assam
Updated: August 6, 2019, 8:31 AM IST
দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকসকললৈ জাৰি কৰিছে সতৰ্কবাণী। ছচিয়েল মিডিয়াত যিকোনো তথ্য প্ৰকাশ কৰোতে সাৱধান হ’বলৈ আহ্বান জনাইছে গ্ৰাহকক। টুইটাৰযোগে SBI–এ জনাইছে যে ভুৱা ছচিয়েল মিডিয়া একাউণ্টৰ পৰা গ্ৰাহকসকল দূৰত থকা উচিত।

ভাৰতীয় ষ্টেট বেংকৰ বৰ্তমান ৪২ কোটি গ্ৰাহক আছে। SBI–এ কৈছে যে বেংকৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট ভেৰিফাইড। সেয়েহে গ্ৰাহকসকলে কেৱল SBIৰ অফিচিয়েল একাউণ্টহে ফলো কৰিব।

SBIৰ ভেৰিফাইড একাউণ্টৰ তালিকা –

Facebook: @StateBankOfIndia
Instagram: @theofficialsbi
Twitter: @TheOfficialSBi
Linkedin: State Bank of India (SBI)

Youtube: State Bank of India

সদায় এই কথাবোৰত গুৰুত্ব দিয়ক
১. SBI–এ কয় যে ছচিয়েল মিডিয়া একাউণ্টৰ পৰা কোনো ধৰণৰ বিষয়া বা বেংকক টেগ কৰাৰ পূৰ্বে উক্ত একাউণ্টটো ভেৰিফাইড হয়নে নহয় তাক পৰীক্ষা কৰক।
২. কোনো ধৰণৰ অভিযোগ বা তথ্যৰ বাবে ভুল একাউণ্ট বা বিষয়াক টেগ নকৰিব।
৩. সৰ্বপ্ৰথমে ভেৰিফাইড বেজ পৰীক্ষা কৰক।
৪. SBI–এ কয় যে ছচিয়েল মিডিয়া প্লেটফৰ্মত ধাৰাবাহিকভাৱে ভুৱা একাউণ্টৰ সৃষ্টি হৈছে।
৫. এনে পৰিস্থিতিত SBIৰ নামতো থাকিব পাৰে ভুৱা একাউণ্ট।
৬. কোনো ধৰণৰ তথ্য বা বিত্তীয় লেনদেনৰ বাবে প্ৰথমে একাউণ্টৰ ভেৰিফাইড বেজ পৰীক্ষা কৰক।

কোনো খেলিমেলি থাকিলে শীঘ্ৰে ফোন কৰক –
>> এছ বি আয়ে কয় যে অনলাইন প্ৰবঞ্চকৰ পৰা বাচিবলৈ নিজে সাৱধান হোৱা প্ৰয়োজন।
>> আপোনাৰ সৈতে কোনো প্ৰৱঞ্চনাৰ ঘটনা ঘটিলে বা অনধিকাৰ অনলাইন লেনদেন হ’লে শীঘ্ৰে বেংকৰ সৈতে যোগাযোগ কৰক।
>> ইয়াৰ বাবে SBIৰ দুটা টোল ফ্ৰী নম্বৰ আছে। 1800112211 আৰু 18004253800ত ফোন কৰি দাখিল কৰক অভিযোগ।
আৰু চাওক পৰৱৰ্তী বাতৰি