পিয়াজৰ মূল্যত আকাশ পাতাল পাৰ্থক্য, দিল্লীত প্ৰতি কেজিৰ মূল্য ২৩.৯ টকা হোৱাৰ বিপৰীতে গুৱাহাটীত ৭০–৮০ টকা

চেঞ্চুৰীৰ দিশে পিয়াজৰ মূল্য! প্ৰত্যেক দিনাই ৰাজ্যত বৃদ্ধি পাইছে পিয়াজৰ দাম

News18-Assam
Updated:September 29, 2019, 4:06 PM IST
পিয়াজৰ মূল্যত আকাশ পাতাল পাৰ্থক্য, দিল্লীত প্ৰতি কেজিৰ মূল্য ২৩.৯ টকা হোৱাৰ বিপৰীতে গুৱাহাটীত ৭০–৮০ টকা
চেঞ্চুৰীৰ দিশে পিয়াজৰ মূল্য! প্ৰত্যেক দিনাই ৰাজ্যত বৃদ্ধি পাইছে পিয়াজৰ দাম
News18-Assam
Updated: September 29, 2019, 4:06 PM IST
বজাৰত জুই! অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত এতিয়া বাৰুকৈয়ে জীয়াতু ভূগিছে সৰ্বসাধাৰণ ৰাইজে। ৰাজ্যত প্ৰত্যেক দিনাই বৃদ্ধি পাইছে পিয়াজৰ মূল্য। গুৱাহাটীৰ বজাৰত এতিয়া প্ৰতি কেজি পিয়াজৰ দাম হৈছে ৭০ ৰ পৰা ৮০ টকা পৰ্যন্ত। কিন্তু সেই অনুপাতে দিল্লীত প্ৰতি কেজি পিয়াজৰ মূল্য  ২৩.৯ টকা।

দিল্লীত মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত যেন কাৰ্যত ৰূপায়ন কৰিলে নিজৰ প্ৰতিশ্ৰুতি। কিন্তু মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম চৰকাৰৰ যোগান বিভাগৰ অৰ্কমন্যতাক এতিয়া সৰ্বত্ৰ ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি