মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »আহি আছে OnePlus Smart Watch! থাকিব হাৰ্ট ৰেট, অক্সিজেন চেন্সৰকে আদি কৰি এইসমূহ বিশেষ সুবিধা

আহি আছে OnePlus Smart Watch! থাকিব হাৰ্ট ৰেট, অক্সিজেন চেন্সৰকে আদি কৰি এইসমূহ বিশেষ সুবিধা

২৩ মাৰ্চত OnePlus-এ আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ৷

২৩ মাৰ্চত OnePlus-এ আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ৷

২৩ মাৰ্চত OnePlus-এ আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ৷

  • Share this:
বহু বছৰৰ জল্পনা-কল্পনাৰ অন্তত অৱশেষত মুকলিৰ দিশে আগবাঢ়িছে OnePlusৰ প্ৰথমটো স্মাৰ্ট ৱাটচ (Smart Watch)৷ মঙলবাৰে OnePlus 9 শৃংখলাৰ স্মাৰ্টফোনৰ সৈতে মুকলি কৰা হ'ব OnePlusৰ এই প্ৰথমটো স্মাৰ্ট ৱাটচ৷ যাৰ বাবে ২৩ মাৰ্চত OnePlus-এ আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ৷

প্ৰায় প্ৰতিদিনে OnePlus ৱাটচৰ বিষয়ে আমি নতুন নতুন জানি আহিছো যদিও শেহতীয়াকৈ আমি জানিব পাৰিছো যে OnePlus ৱাটচ মুকলিৰ পিছত গুগলৰ Wear OSত নচলিব এই ৱাটচ৷ তাৰ পৰিৱৰ্তে RTOS ওপৰত আধাৰিত এটা স্মাৰ্ট অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰা হ’ব। পিছে এইবাৰ YouTuber Unbox Therapyৰ মাধ্যমত টুইটাৰত দেখিবলৈ পোৱা গ’ল এই স্মাৰ্ট ৱাটচৰ প্ৰথম অনানুষ্ঠানিক লুক৷ য'ত YouTuberগৰাকীয়ে লিখছে "চাওক এইয়া #OnePlusWatchৰ এক্সক্লুছিভ লুক"৷

Unbox Therapyৰ দ্বাৰা শ্বেয়াৰ কৰা ছবিখনত স্মাৰ্ট ৱাটচটোৰ এক বৃত্তাকাৰ ডিজাইন দেখিবলৈ পোৱা গৈছে। য'ত সোঁফালে দুটা বুটামো দেখিবলৈ পোৱা গৈছে৷ OnePlus Watchৰ এই ৰেণ্ডাৰ লুকচৰ সামগ্ৰিক ডিজাইন Oppo Watch RXৰ দৰে দেখা গৈছে, যদিও এয়া আশ্বৰ্যকৰ বিষয় নহয় ৷ কিয়নো OnePlus আৰু Oppo দুয়োটা হৈছে বিবিকে ইলেক্ট্ৰনিক্সৰ মালিকানাধীন একে কোম্পানী আৰু শেহতীয়াকৈ তেওঁলোকৰ হাৰ্ডৱেৰ আৰ এণ্ড ডি কাৰ্যবোৰ একত্ৰিত কৰা বুলি কোৱা হৈছিল। ইপিনে এই ডিজাইনটো ছেমছাং গ্যালেক্সী ৱাটচ এক্টিভ২ ৰ দৰেও প্ৰায় একে, যি এটা বৃত্তাকাৰ ডায়েলৰ সৈতেই আহে।

অৱশ্যে, এতিয়ালৈকে মুকলি হোৱা মাত্ৰ এখন ছবিৰ পৰাই অধিক তথ্য লাভ কৰিব পৰা নাযায়৷ যদিও Unbox Therapyৰ দ্বাৰা শ্বেয়াৰ কৰা ছবিখন পিছত OnePlusএ পুনৰ টুইট কৰি কয় যে, “২৩ মাৰ্চত দেখুৱাবলৈ আৰু বহুত আছে”৷

আনফালে, OnePlus ৱাটচ সম্পৰ্কত আনুষ্ঠানিক বিবৃতি বৰ্তমানেও প্ৰকাশ কৰা হোৱা নাই, স্মাৰ্ট ৱাটচটো ৪৬ এমএম ডায়েল আকাৰৰ সৈতে ক'লা আৰু চিলভাৰ ৰঙত বজাৰলৈ আহিব বুলি পূৰ্বে অনুমান কৰা হৈছিল। য'ত হাৰ্ট ৰেটৰ চেন্সৰ, SpO2 চেন্সৰ, IP68 ধূলি আৰু ৱাটাৰ ৰেচিটেন্স, ফিটনেছ-ট্ৰেকিঙৰ লগতে ভিন্ন সুবিধা থকাৰ সম্ভাৱনা আছে। লগতে OnePlus Watchৰ ৪জিবি অনৱৰ্ড ষ্ট'ৰেজৰ লগতে OnePlus'ৰ ৰেপ চাৰ্জ ফাষ্ট চাৰ্জিং প্ৰযুক্তি অন্তৰ্ভুক্ত থাকিব বুলিও খবৰ প্ৰকাশ পাইছে৷

সেয়া যি হ'লেও OnePlus-এ ২৩ মাৰ্চত আয়োজন কৰা অনুষ্ঠানতে স্পষ্ট হৈ পৰিব সকলো৷ য'ত OnePlus 9 শৃংখলাৰ স্মাৰ্টফোনৰ সৈতে OnePlus Watch মুকলি কৰিব কোম্পানীটোৱে।

শেহতীয়া বাতৰি