உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • On This Day: মনত পৰেনে ৯৯ৰ বিশ্বকাপত ৰাণাতুংগা বাহিনীৰ বিৰুদ্ধে গাংগুলী-দ্ৰাবিড়ৰ সেই partership, দ্বিতীয় উইকেটৰ যুটীত দুয়ো গঢ়িছিল অভিলেখসংখ্যক ৩১৮ ৰাণ।

    On This Day: মনত পৰেনে ৯৯ৰ বিশ্বকাপত ৰাণাতুংগা বাহিনীৰ বিৰুদ্ধে গাংগুলী-দ্ৰাবিড়ৰ সেই partership, দ্বিতীয় উইকেটৰ যুটীত দুয়ো গঢ়িছিল অভিলেখসংখ্যক ৩১৮ ৰাণ।

    On this day: ২২ বছৰ আগতে, ১৯৯৯ চনৰ বিশ্বকাপত গাংগুলী আৰু দ্ৰাবিড়ে টনটন গ্ৰাউণ্ডত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় উইকেটৰ বাবে অভিলেখ ৩১৮ ৰাণৰ যুটী বান্ধিছিল।

    On this day: ২২ বছৰ আগতে, ১৯৯৯ চনৰ বিশ্বকাপত গাংগুলী আৰু দ্ৰাবিড়ে টনটন গ্ৰাউণ্ডত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় উইকেটৰ বাবে অভিলেখ ৩১৮ ৰাণৰ যুটী বান্ধিছিল।

    On this day: ২২ বছৰ আগতে, ১৯৯৯ চনৰ বিশ্বকাপত গাংগুলী আৰু দ্ৰাবিড়ে টনটন গ্ৰাউণ্ডত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় উইকেটৰ বাবে অভিলেখ ৩১৮ ৰাণৰ যুটী বান্ধিছিল।

    • Share this:
    এদিনীয়ে ক্ৰিকেটত ১০,০০০তকৈ অধিক ৰাণ সংগ্ৰহ কৰা সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ে খেলপথাৰত কেইবাবাৰো বিৰোধী দলক লক্ষ্য কৰি লৈছে। ২২ বছৰ আগতে, ১৯৯৯ চনৰ বিশ্বকাপত গাংগুলী আৰু দ্ৰাবিড়ে টনটন গ্ৰাউণ্ডত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় উইকেটৰ বাবে অভিলেখ ৩১৮ ৰাণৰ যুটী বান্ধিছিল। সেই সময়ত এদিনীয়া ক্ৰিকেট ইতিহাসৰ যিকোনো উইকেটৰ বাবে এইটো আটাইতকৈ ডাঙৰ পাৰ্টনাৰশ্বীপ আছিল। বিশ্বকাপ চিৰ গ্ৰুপ পৰ্যায়ৰ প্ৰথম দুখন খেলত ভাৰতীয় দলটো দক্ষিণ আফ্ৰিকা আৰু জিম্বাৱোৱেৰ হাতত পৰাজিত হৈছিল। তৃতীয়খন খেলত ভাৰতে ৯৬ৰ বিশ্বকাপৰ বিজয়ী শ্ৰীলংকাৰ মুখামুখি হয়। অৰ্জুনা ৰাণাতুঙ্গা শ্ৰীলংকাৰ দলৰ অধিনায়ক আছিল।

    শ্ৰীলংকাৰ অধিনায়ক ৰাণাতুঙ্গাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ আৰম্ভণি ভাল নাছিল। প্ৰথম অভাৰত সদাগোপন ৰমেশ ৫ ৰাণত আউট হৈছিল। ৰাহুল দ্ৰাবিড় তেতিয়া গাংগুলীক সমৰ্থন কৰিবলৈ আহিছিল। গাংগুলীয়ে ১৫৮ টা বলত ১৭ টা চাৰি আৰু ৭ টা ছয়ৰ সহায়ত ১৮৩ ৰাণ সংগ্ৰহ কৰে, যিটো এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ সৰ্বোচ্চ স্ক'ৰ। ইফালে গাংগুলীয়ে ১৯৮৩ চনৰ বিশ্বকাপত ১৭৫ ৰাণ সংগ্ৰহ কৰা কপিল দেৱৰ অভিলেখ ভংগ কৰে। আনহাতে, ৰাহুল দ্ৰাবিড় ১২৯ টা বলত ১৪৫ ৰাণ কৰি আউট হয়। দ্ৰাবিড়ৰ বেটত ১৭ টা চাৰি আৰু এটা ছয় পোৱা গৈছিল। গাংগুলী আৰু দ্ৰাবিড়ে দ্বিতীয় উইকেটৰ বাবে অভিলেখ ৩১৮ ৰাণৰ পাৰ্টনাৰশ্বীপ কৰে।

    দ্ৰাবিড় আৰু গাংগুলীৰ ইনিংছে ভাৰতক ৫০ অভাৰত ছয় উইকেটত ৩৭৩ ৰাণ সংগ্ৰহ কৰাত সহায় কৰিছিল। ভাৰতে তেতিয়া শ্ৰীলংকাক ২১৬ ৰাণত অলআউট কৰি ১৫৭ ৰাণত জয় লাভ কৰিছিল। ৰবীন সিঙে ৯.৩ অভাৰত ৩১ ৰাণত ৫ টা উইকেট দখল কৰিছিল।
    Published by:Kokil Sarma
    First published: