প্ৰটিন আরু ফাইবাৰেৰে ভৰপূৰ ড্ৰাই ফ্ৰুটছৰ মাজত কাজু বাদাম অন্যতম। কাজু বাদাম খোৱা স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। কিন্তু জানেনে যে কাজু বাদামে আপোনাৰ ছালৰ উজ্জ্বলতা ঘূৰাই আনে?
কাজু বাদামৰ ফেচপেকে আপোনাক দিব পাৰে উজ্জ্বল আৰু সুন্দৰ ছাল। প্ৰদূষণ, ধুলি–বালি, মলি আৰু আন ক্ষতিকাৰক কাৰকে ছালৰ উজ্জ্বলতা হৰণ কৰে। কিন্তু ঘৰত তৈয়াৰী কাজুৰ ফেচপেকে আপোনাক ঘূৰাই দিব হেৰোৱা উজ্জ্বলতা।
এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ কাজু বাদামে ছালৰ নতুন কোষ তৈয়াৰ কৰাত সহায় কৰে। সঠিকভাৱে ব্যৱহাৰ কৰিলে কাজু বাদামে ছালৰ সূক্ষ্ম দাগ পৰা ৰোধ কৰে। ফেচপেকত কাজু মিহলালে ছালৰ পৰা টেনিং, বলিৰেখা আৰু বয়সৰ ছাপ দূৰ হয়। প্ৰাকৃতিক এই ফেচপেকত পাৰ্শ্বক্ৰিয়াৰো কোনো আশংকা নাথাকে।
কেইটামান কাজু বাদাম ১৫ মিনিটৰ বাবে তিয়াই ৰাখক গাখীৰত। তাৰ পিছত সেই গাখীৰৰ সৈতে বেচন মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰক। ইয়াৰ পিছত এটা পাত্ৰত লৈ মিশ্ৰণত মিহলি কৰক ময়দা। আপোনাৰ কাজু ফেচপেক ৰেডী।
প্ৰথমে মুখ ভালকৈ ধুই লওক। তাৰ পিছত মুখত মিল্ক ক্ৰীম সানক। ইয়াৰ পিছত মুখ, ডিঙিত কাজু ফেচপেক লগাই ১৫ মিনিট অপেক্ষা কৰক। ঠাণ্ডা পানীৰে মুখ ভালকৈ ধুই পেলাওক। সপ্তাহত এইদৰে তিনিবাৰ কৰক। ছালৰ উজ্জ্বলতা ঘূৰি আহিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|