পশ্চিম বংগ নহয়, ৰসগোল্লাৰ গৰাকী হ’লগৈ ওড়িশা

বিতৰ্কৰ অৱসান ঘটাই ৰসগোল্লাৰ GI টেগ লাভ কৰিলে ওড়িশাই

News18-Assam
Updated:July 30, 2019, 12:08 PM IST
পশ্চিম বংগ নহয়, ৰসগোল্লাৰ গৰাকী হ’লগৈ ওড়িশা
বিতৰ্কৰ অৱসান ঘটাই ৰসগোল্লাৰ GI টেগ লাভ কৰিলে ওড়িশাই
News18-Assam
Updated: July 30, 2019, 12:08 PM IST
ৰসগোল্লা কাৰ? পশ্চিম বংগই আঁকোৰগোজ হৈ ৰসগোল্লাৰ ওপৰত মালিকীস্বত্ব জাহিৰ কৰাৰ সময়তে ওড়িশাই আনিছিল মহাপ্ৰভু জগন্নাথৰ মন্দিৰত ভোগৰূপে শতিকাৰ পূৰ্বে আগবঢ়োৱা বিশেষ ৰসগোল্লাৰ প্ৰসংগ। ৰসগোল্লাক লৈ দুয়োখন ৰাজ্যৰ মাজত তিক্ততা ইমানেই বাঢ়িছিল যে আইনী যুঁজৰ মাজলৈও সোমাই পৰিছিল পশ্চিম বংগ আৰু ওড়িশা। পৰৱৰ্তী সময়ত ওড়িশাৰ সপক্ষে ৰায় দিছিল ন্যায়পালিকাই।



ইয়াৰ পিছতে ওড়িশাৰ ৰসগোল্লাক জিঅ’গ্ৰাফিকেল ইণ্ডিকেচন অব গুড্ছ (ৰেজিষ্ট্ৰেচন এণ্ড প্ৰটেকচন এক্ট ১৯৯৯)ৰ ১৬ (আই) আৰু স্বত্বাধিকাৰী প্ৰদান কৰা ধাৰা ১৭ (৩)(চি)ৰ অধীনত জি আই টেগ প্ৰদান কৰা হয়।



ওড়িশা স্মল ইণ্ডাষ্ট্ৰিজ কৰ্প’ৰেচনৰ নামত জি আই নম্বৰ ৬১২ পঞ্জীয়ন কৰা হৈছে। ৰসগোল্লাৰ জি আই টেগ লাভ কৰি উৎফুল্লিত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। টুইটাৰত তেওঁ ওড়িশাৰ ৰসগোল্লাৰ ঐতিহ্য বৰ্ণনা কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি